Breaking

বিদ্যুতৰ সঘন কৰ্তন,অনিয়মিত যোগানৰ বিৰুদ্ধে সৰৱ ছাত্ৰ সন্থা

0 1,551

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত অনিয়মীয়া বিদ্যুৎ যোগান তথা সঘন বিদ্যুৎ কৰ্তনে সৰ্বসাধাৰণ জনতাক অতিষ্ঠ কৰি তুলিছে । কোনো কাণসাৰ নাই বিয়াগোম বিভাগটোৰ। বিশেষকৈ চাবুৱা অঞ্চলত বিদ্যুতৰ এনে অনিয়মীয়া যোগানৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থা। আজি সন্থাই জিলা সমিতিৰ আহ্বান মৰ্মে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শতাধিক ছাত্ৰ প্ৰতিবাদকাৰীয়ে সমদল কৰি চাবুৱা বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও দ্বাৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অঞ্চলটোত বিদ্যুতৰ যোগান নিয়মীয়া কৰিবলৈ বিভাগক দাবী জনায়। চাবুৱা ছাত্ৰ সন্থাৰ সভাপতি মৃদুপৱন গগৈ আৰু সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি দত্তৰ নেতৃত্বত হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে চাবুৱাৰ পৰিবেশ উত্তাল কৰি তোলে।

Leave A Reply