Breaking

নগৰবেৰাৰ পথালিপাৰাত দুৰ্ঘটনা, পুখুৰীৰ পাৰৰ মাটি খহি পানীত পৰিল মালবাহী টেক্টৰ…

0 23

নগৰবেৰাৰ পথালিপাৰাত দুৰ্ঘটনা, পুখুৰীৰ পাৰৰ মাটি খহি পানীত পৰিল মালবাহী ট্ৰেক্টৰ এখন,আবেলি সংঘটিত হয় এই দুৰ্ঘটনা।নগৰবেৰাৰ পৰা আলোপতিচৰ অভিমুখে টিন পাত কঢ়িয়াই নিয়া ট্ৰেক্টৰ খন বাগৰিল পথালিপাৰা বামুনীপুখুৰীত।

বৰষুণৰ বাবে পুখুৰীৰ পাৰৰ মাটি পিছল আৰু নৰম হৈ থকাত ট্ৰেক্টৰৰ চকা পিছলি সংঘটিত হয় দুৰ্ঘটনা! আনহাতে ট্ৰেক্টৰ চালক জন পানীত পৰা মাত্ৰেই সাঁতুৰি দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পথালিপাৰা গাঁৱৰ ৰাইজে বিপদসংকুল বাবেই বন্ধ কৰি ৰাখিছিল যান-বাহন ,তাৰ মাজতেই এইদৰে পথটিৰে সংগোপনে পাৰ হ’ব খোজা মালবাহী ট্ৰেক্টৰ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰে হাহাকাৰ সৃষ্টি কৰিছে অঞ্চল জুৰি।


নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply