Breaking

অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ জামিন নাকচ। গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে শুভলক্ষ্মী দত্তৰ জামিন আবেদন…

0 259

বনকৰা মহিলাক নিজ চৰকাৰী আবাসত শাৰীৰিক আৰু অকথ্য নিৰ্যাতন চলোৱা চৰাইদেউ জিলা তথা অভিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদনৰ শুনানিৰ অন্তত মহামান্য ন্যায়ালয়ে নাকচ কৰে জামিন আবেদন। নাজিৰা থানা গোচৰ নং ৩৬/২০২৩ৰ জামিন আবেদন গোচৰ ৩৩৮১/২০২৩ত শুনানি হৈছিল। এই শুনানিত অতিৰিক্ত চৰকাৰী অধিবক্তাই জামিন দিয়াত আপত্তি দৰ্শাই। ইতিমধ্যে এই গোচৰত তদন্তকাৰী বিষয়াই অভিযোগনামা আদালতত দাখিল কৰিছিল আৰু নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ গোচৰ নং ৭৯/২০২৩ত গুৱাহাটী ন্যায়ালয়ে গোচৰটোত উপযুক্ত তথ্য আৰু সাক্ষী প্ৰমাণৰ সুৰক্ষাৰ স্বাৰ্থত আৰু যাতে কোনো ধৰণৰ বেআইনী কাৰ্যকলাপ যাতে নহয় আৰু অভিযুক্ত এগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়াটোত নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্যৰাখি জামিন আবেদন নাকচ কৰি আচামী শুভলক্ষ্মী দত্তক ন্যায়িক জিম্মাতে ৰাখে।

ভুক্তভোগী তথা জখমীৰ গোচৰটোত সাক্ষ্য নোহোৱালৈকে জামিন দিয়া নহ’ব বুলিও আদালতৰ আদেশত উল্লেখ কৰে। ইয়াৰ ফলত আচামী এক দীঘলীয়া সময় জেল হাজোতত থকাটো এক প্ৰকাৰ নিশ্চিত হ’ল।

Leave A Reply