Breaking

আমগুৰিৰ বাঘজান চাহ বাগিচা খেলপথাৰত এচিএমএছ চেলেঞ্জাৰ ট্ৰফী আৰম্ভ

0 67

শিৱসাগৰ জিলাৰ আমগুৰিৰ বাঘজান চাহ বাগিচা খেলপথাৰত ১০ ছেপ্টেম্বৰৰ পৰা ২৯ সংখ্যক এচিএমএছ চেলেঞ্জাৰ ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈছে।

বাঘজান চাহ বাগিচা ক্রীড়া সন্থাৰ উদোগত আৰু এচিএমএছ বাঘজান চাহ বাগিচা প্রাথমিক গোটৰ সহযোগত আয়োজন কৰা হৈছে এই প্রতিযোগিতা।

শিৱসাগৰ জিলাৰ ওপৰিও যোৰহাট, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ মুঠ ১৬ টা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

উদ্বোধনী খেলখন টিফুক চাহ বাগিচা একাদশ আৰু বৰচিলা লাহদৈগড় চাহ বাগিচা একাদশৰ মাজত অনুষ্ঠিত হয়।

আমগুৰি ক্ৰীড়া সন্থাৰ উপ সভাপতি অনন্ত কাকতিয়ে খেলপথাৰ উদ্বোধন কৰাৰ ওপৰিও প্ৰতিযোগিতাৰ প্ৰথমখন খেল উদ্বোধন কৰে আমগুৰি ক্ৰীড়া সন্থাৰ সম্পাদক চিত্তৰঞ্জন গগৈয়ে।

কেইবা সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত এখনি পূৰ্ণ প্ৰতিদ্বন্দিতামূলক উদ্বোধনী খেলখনি নিৰ্দ্ধাৰিত সময়ত গলশূন্যভাৱে সমাপ্ত হোৱাত টাইব্ৰেকাৰৰ জৰিয়তে টিফুক চাহ বাগিচা একাদশ ৪-৩ গলৰ ব্যৱধানত জয়ী হয়। উদ্বোধনী অনুষ্ঠানত বিভিন্নজন গন্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply