Breaking

তুৰ্কী-ছিৰিয়াৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ। এটা ভিডিঅ’ শ্বেয়াৰ কৰি ক’লে এই কথা অভিনেত্ৰীগৰাকীয়ে…

0 54

তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পই সকলোকে জোকাৰি গৈছে। দুয়োখন দেশতে উদ্ধাৰ অভিযান চলি আছে। এনে সময়ত গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাইও ৰাইজৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে। শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পই সকলোকে কঁপাই তুলিছিল। দুয়োখন দেশতে য’তেই নাচাওক কিয়, ধ্বংসৰ দৃশ্য!এই দুৰ্যোগত এতিয়ালৈকে ৩৬ হাজাৰৰো অধিক লোকৰ মৃত্যু আৰু বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আছে। আনহাতে, তুৰস্ক আৰু ছিৰিয়াৰ জনসাধাৰণৰ লগত সংঘটিত হোৱা এই ঘটনাকলৈ শোক প্ৰকাশ কৰিছে গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাই।

প্ৰিয়ংকাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত তুৰস্ক আৰু ছিৰিয়াৰ উদ্ধাৰ অভিযানৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত উদ্ধাৰকাৰী দলটোৱে ধ্বংসাৱশেষৰ পৰা এটা শিশুক উলিয়াই অনা দেখা গৈছে। এই দৃশ্যটো সঁচাকৈয়ে হৃদয় বিদাৰক। একে সময়তে প্ৰিয়ংকা চোপ্ৰাইও এই ভিডিঅ’টোৰ সৈতে এটা টোকা লিখিছে। প্ৰিয়ংকাই নিজৰ টোকাত লিখিছে, “ভূমিকম্পৰ এসপ্তাহৰ পিছতো তুৰস্ক আৰু ছিৰিয়াৰ জনসাধাৰণৰ যন্ত্ৰণা আৰু দুখ অব্যাহত”

প্ৰিয়ংকাই আৰু লিখিছে, “উদ্ধাৰ অভিযান অবিৰতভাৱে চলি আছে, যাৰ ফলত এনে কিছুমান আশাবাদী মুহূৰ্তৰ সৃষ্টি হৈছে, য’ত ধ্বংসাৱশেষৰ পৰা ৩ মহীয়া কেঁচুৱা এটি উদ্ধাৰ কৰা হৈছে আৰু বহুত আছে যিসকল এতিয়াও আবদ্ধ হৈ আছে, অপেক্ষা কৰি আছে এতিয়াও জীয়াই আছে” প্ৰিয়ংকাই আৰু লিখিছে,” প্ৰকৃতিৰ ক্ৰোধে কাকো ৰেহাই নিদিয়ে কিন্তু আমি সকলোৱে সহায় কৰিব পাৰো।” তৃণমূল পৰ্যায়ত কাম কৰা সংস্থাসমূহৰ সবিশেষ মোৰ হাইলাইটত আছে। যিকোনো প্ৰকাৰে সহায় কৰিব বুলি আশা কৰিলো।

আপোনালোকক কওঁ যে ৬ ফেব্ৰুৱাৰীত পশ্চিম এছিয়াৰ দেশ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে এই দুখন দেশত ৩৬ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। একে সময়তে আহতসকলৰ সংখ্যা প্ৰায় ৮০ হাজাৰ হৈছেগৈ। উদ্ধাৰৰ অভিযান এতিয়াও অব্যাহত আছে। অৱশ্যে ছিৰিয়াৰ সীমান্তৰ পৰা উভতি আহিবলগীয়া হৈছে ৩খন দেশৰ দুৰ্যোগ-সাহায্য আৰু উদ্ধাৰকাৰী দল।


Leave A Reply