Breaking

অসম আন্দোলনৰ আগশাৰী নেতা-কৃৰ্তি শিক্ষক অজিত কুমাৰ গগৈৰ দেহাৱসান । নাজিৰাত শোকৰ ছাঁ ।

0 1,031

নাজিৰা : নাজিৰা মহকুমাৰ ৰেৱতী কপহুৱা গাঁৱৰ নিবাসী ছয়বছৰীয়া অসম আন্দোলনৰ আগশাৰী নেতা কূৰ্তি শিক্ষক তথা প্ৰাক্তন প্ৰধান শিক্ষক লক্ষীকান্ত গগৈৰ সুযোগ্য সন্তান অজিত কুমাৰ গগৈ (৫৯)ৰ কালি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত শেষ নিশ্বাস ত্যাগ কৰে।বিশিষ্ট সমাজ কৰ্মী তথা কৃতি শিক্ষকজনৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধই তেওঁৰ কপহুৱাস্হিত বাসভৱনত ভিৰ কৰে।যকূত,মধুমেহ আদি কেইবাটাও ৰোগত আক্ৰান্ত সমাজকৰ্মী জনক যোৱা মে’ মাহৰ প্ৰথম ভাগত প্ৰথমে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও গগৈৰ স্বাস্থ্য অধিক অৱনতি ঘটাত লগে লগে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।উক্ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাতে কালি বিয়লি ভাগত শেষ নিশ্বাস ত্যাগ কৰে।আজি পুৱা তেখেতৰ নশ্বৰ দেহ মাদুৰি ৰেৱতী কপহুৱা গাঁৱৰ নিজা বাসভৱনত আহি পোৱাৰ পাছতে বহু গুণমুগ্ধই তেখেতৰ নশ্বৰ দেহ শেষবাৰৰ বাবে প্ৰত্যক্ষ কৰি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।১৯৬১ চনত জন্ম গ্ৰহন কৰা অজিত কুমাৰ গগৈয়ে গোলাঘাট ডি আৰ কলেজত পঢ়ি থকাৰ অৱস্হাতে আৰম্ভ হোৱা ছয়বছৰীয়া অসম অন্দোলনত জপিয়াই পৰি আন্দোলনটোক শিৱসাগৰ জিলা তথা নাজিৰাত সন্মুখৰ পৰা নেতৃত্ব দিছিল।প্ৰথম অৱস্হাত গগৈয়ে নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাক সম্পাদক আৰু সভাপতিৰূপে নেতৃত্ব দি আন্দোলনত জপিয়াই পৰাৰ পৰবৰ্তী পৰ্যায়ত অসম গণ সংগ্ৰাম পৰিষদৰ নাজিৰা সমষ্টিৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আন্দোলন চলাই নিছিল।১৯৮৩চনত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত হোৱা অবৈধ নিৰ্বাচন বিৰোধিতা কৰি কাৰাবাস খটাৰ উপৰি আন্দোলনৰ আৰম্ভণি সময়তো জেললৈ যাব লগা হোৱাৰ উপৰি বহুবাৰ পুলিচৰ নিৰ্যাতনৰ বলী হৈছিল।ইয়াৰ পৰবৰ্তী পৰ্যায়ত অজিত কুমাৰ গগৈয়ে নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী হাতিপতী উচ্চ মধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠাপক শিক্ষকৰূপে চাকৰী জীৱনৰ পাতনি মেলে।২০১১চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান মিছনৰ শিৱসাগৰ কাৰ্যালয়ৰ সমন্বয়ক হিচাপে ডেপুটেছনত অহাৰ পাছৰ পৰাই গগৈয়ে শিৱসাগৰ জিলাত মাধ্যমিক শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছিল।প্ৰাক্তন আছু নেতা তথা কূতি শিক্ষক অজিত কুমাৰ গগৈ এজন সুদক্ষ ফুটবলাৰ হিচাপেও পৰিচিত আছিল।গগৈ নাজিৰা জিলা ক্ৰীড়া সন্থা ৰ লগত জড়িত আছিল।ৰেৱতী কপহুৱা অপূৰ্ব সমাজৰ একালৰ ভলীবল দলৰ প্ৰৱন্ধক আছিল। বিভিন্ন সাংস্কৃতিক, শৈক্ষিক আৰু সামাজিক সংগঠনৰ সৈতে জড়িত বিশিষ্ট সমাজ কৰ্মীজনৰ মত্যুত তেখেতৰ একালৰ সতীৰ্থ তথা অসম চৰকাৰ ৰাজহ,দূৰ্যোগ ব্যৱস্হাপনা আৰু গড়কাপ্তানিৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰি অজিত গগৈৰ আত্মাৰ সদ্গতি কামনা কৰে।মন্ত্ৰীজনে জানিবলৈ দিয়া মতে প্ৰয়াত অজিত গগৈ এজন সৰবৰহী ব্যক্তিৰ উপৰি আৰ এম এছৰ এজন দক্ষ বিষয়া হিচাপে শিৱসাগৰ জিলাত মাধ্যমিক শিক্ষা ক আগুৱাই নিয়াত যথেষ্ট প্ৰদক্ষেপ গ্ৰহন কৰিছিল।ইয়াৰ উপৰি শিৱসাগৰ জিলা অধিবিদ্যা পৰিষদৰ পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক যুগ গগৈ, গুৱাহাটীৰ বিশিষ্ট সাংবাদিক তথা একালৰ সতীৰ্থ সঞ্জীৱ ফুকন,চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰহ্লাদ গোৱালা প্ৰমুখ্য কৰি বহু ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।বিশিষ্ট সমাজকৰ্মী তথা কূৰ্তি শিক্ষকজনৰ নশ্বৰ দেহ দুপৰীয়া নিজ বাসগূহৰ চৌহদত অগণন গুণমুগ্ধ ৰ উপস্হিতিত শেষকৃত সম্পন্ন কৰা হয়।মূত্যুৰ সময়ত পিতূ-মাতূৰ, লগতে পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাসহ বহু আত্মীয়স্বজনক এৰি থৈ গৈছে।তেওঁৰ মৃত্যুত কপহুৱাৰ লগতে সমগ্ৰ নাজিৰাত শোকৰ ছাঁ পৰে।

Leave A Reply