মাতৃহাৰা হ’ল বিধায়ক অখিল গগৈ । Akhil Gogoi

বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ দেহাৱসান

মাতৃহাৰা হ’ল বিধায়ক অখিল গগৈ । Akhil Gogoi। আজি পুৱা বিধায়কগৰাকীৰ মাতৃ প্ৰিয়দা গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা প্ৰিয়দা গগৈয়ে ৯৬ বছৰ বয়সত পুৱা প্ৰায় ৬:২০ বজাত গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰা মতে, প্ৰিয়দা গগৈৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা যোৰহাটৰ চেলেংহাটস্থিত নিজ গৃহলৈ লৈ যোৱা হ’ব, য’ত আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু স্থানীয় লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

মাতৃহাৰা বিধায়ক অখিল গগৈ আৰু তেওঁৰ পৰিয়াললৈ বিভিন্ন মহলৰ পৰা সমবেদনা জ্ঞাপন কৰা হৈছে। এই খবৰে ৰাজ্যজুৰি শোকৰ পৰিবেশ সৃষ্টি কৰিছে।

Related Articles