Breaking

যোৰহাটৰ চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত সৰ্বাত্মক ক’লা দিৱস পালন

0 107

সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু এন পি এচ কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো আজি কৰ্মচাৰী সকলে সৰ্বাত্মক ক’লা দিৱস কৰে৷

চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰে নতুন পেঞ্চন নীতি বাতিলৰ দাবী জনাই যোৰহাটৰ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দক্ষিণ যোৰহাট অঞ্চলৰ শতায়ু গৰকা উচ্চ শিক্ষানুষ্ঠান চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ক’লা বেজ পৰিধান কৰি সৰ্বাত্মকৰূপত ক’লা দিৱস কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলে৷

কৌস্তভ বৰা, লেখা দত্ত, ৰাজলক্ষ্মী গগৈ, অৰ্ণালী দত্ত, চিন্ময়ী দাস, শিল্পী ভৌমিক, শংকুসিদ্ধ নাথ, অনাদ্ৰিতা হাজৰিকা, নাজমিনা চাৰমিনা, প্ৰশান্ত খনিকৰ, দীপিকা দত্ত, প্ৰশান্ত হাজৰিকা, ৰঞ্জিৎ দত্ত, টানজিমা আলি উল্লা, ৰঞ্জু বৰা, নয়নজ্যোতি দেৱশৰ্মা, ধ্ৰুৱজ্যোতি হাজৰিকা, ৰিকীমণী বৰদলৈ, মলয়া বৰঠাকুৰ,

উৰ্মিমালা বৰা, পৰাগজ্যোতি গগৈ, নিতুমণি বৰা প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীসকলে ২০০৫ চনৰ পূৰ্বৰ পেঞ্চন নীতি পশ্চিমবংগ, ৰাজস্থান, চত্তিশগড়ৰ দৰে অসমতো প্ৰবৰ্তন কৰি অসমৰ কৰ্মচাৰী সমাজৰ আৰ্থিক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিবাদৰ ভাষাৰে চৰকাৰক আহ্বান জনায়৷

Leave A Reply