Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন বিদ্যার্থী সমাৰোহ

0 154

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় খনৰ অৰ্থনীতি বিভাগত বিভাগটোৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ এখন দিন জোৰা সমাৰোহ চলিত বৰ্ষৰ ২৫ জুন তাৰিখে আয়োজন কৰা হৈছে।

উক্ত সমাৰোহত উপস্থিত থাকিবলৈ সকলো প্রাক্তন ছাত্র ছাত্রীক বিভাগটোৰ প্ৰাক্তন বিদ্যাৰ্থী সন্থাই অনুৰোধ জনাইছে।

প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে নিজৰ অধ্যয়ন কালচোৱাৰ স্মৃতি জড়িত ঘটনা বা ফটো সমাৰোহত প্ৰদৰ্শনৰ বাবে ই-মেইল যোগে পঠিয়াব পাৰিব। বিতং তথ্যৰ বাবে মুকলি কৰিছে ৱেবচাইট-

https://gauhati.ac.in/academic/arts/economics

https://alumni.gauhati.ac.in/events/8553

Email: alumniecogu@gmail.com

Leave A Reply