Breaking

আমচাং অভয়াৰণ্য–শিলসাঁকো বিল বেদখলমুক্ত কৰাৰ সিদ্ধান্ত

0 2,179

 কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত সোমবাৰে বন আৰু পৰিৱেশ, মীন, আবকাৰী আদি বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ জিলা প্রশাসন আৰু বিভাগীয় বিষয়ববীয়াসকলৰ লগত সংশ্লিষ্ট বিভাগৰ কাম–কাজৰ অগ্রগতি সম্পর্কে এখন পর্যালোচনা সভা অনুষ্ঠিত হয়৷ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, আবকাৰী বিভাগৰ প্রধান সচিব ৰাজেশ প্রসাদ উপস্থিত থকা সভাত আবকাৰী বিভাগক জিলাখনৰ চুলাই মদৰ ঘাটিসমূহ সম্পূর্ণ উচ্ছেদ কৰিবলৈ আৰু কোনেও যাতে অৰুণাচলী মদ বিক্রী কৰিব নোৱাৰে তাৰ উপযুক্ত ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে৷ লালীগুৰ বেচা–কিনাৰ ক্ষেত্রত পশু চিকিৎসা আৰু পশুপালন আদি বিভাগৰ উপযুক্ত প্রমাণ নাপালে, সেই ক্ষেত্রতো উপযুক্ত ব্যৱস্থা ল’বলৈ নির্দেশ দি মন্ত্রীগৰাকীয়ে কয় যে লালীগুৰযুক্ত চুলাই মদ সেৱনে এচাম মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে৷

যোৱা বছৰতকৈ চলিত বছৰত এপ্রিল–মে’ মাহত ৬০ শতাংশ আবকাৰী ৰাজহ বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰি চলিত বর্ষৰ এপ্রিল–মে’ মাহত ৬৯ কোটি টকা আবকাৰী ৰাজহ আহৰণ হৈছে বুলি তেওঁ সন্তুষ্টি প্রকাশ কৰে৷ আনহাতে, দীপৰ বিলৰ কথা প্রসংগত মন্ত্রীজনে উল্লেখ কৰে যে দীপৰ বিলক নতুন ৰূপত সজাই–পৰাই উত্তৰ–পূবৰ পর্যটনস্থলী হিচাপে গঢ়ি তোলাতো তেওঁৰ সপোন৷ এইক্ষেত্রত দীপৰ বিলৰ অন্তর্গত থকা জলাহ ভূমিৰ সঠিক মাপ কৰি সৌন্দর্যবর্ধনৰ কাম আৰম্ভ কৰিবলৈ তেওঁ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক নির্দেশ দিয়ে৷

সেইদৰে আমচাং, শিলসাঁকো আদিৰ দৰে যিবোৰ ৰাজহ ভূমি অথবা বনভূমি বেদখলকাৰীৰ কবলত, অথচ সেই ভূমিখণ্ড বনভূমি নে ৰাজহ ভূমি সেয়া স্পষ্ট নহয়, সেই স্থানসমূহৰ বেদখল উচ্ছেদ কৰাৰ ক্ষেত্রত জ’নেল মাষ্টাৰ প্লেন প্রস্তুত কৰি বন বিভাগক ৰাজহ বিষয়াৰ লগত সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে৷ বনাঞ্চলৰ পৰা মানুহৰ বসতিস্থানলৈ হাতী ওলাই অহা বিষয়টোও সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিবলৈ বন বিভাগক নির্দেশ দি তাৰ ফলপ্রসূ সমাধানৰ নির্দেশ দিয়ে মন্ত্রীজনে৷ আনহাতে, মুখ্যমন্ত্রীৰ গুৱাহাটী মহানগৰ সেউজকৰণ লক্ষ্যত উপনীত হোৱাৰ বাবে বিমানবন্দৰৰ পৰা আৰম্ভ কৰি এলানি গছপুলি ৰোপণৰ কার্যসূচী সম্পাদন কৰিবলৈ তেওঁ সামাজিক বনানীকৰণ বিভাগক নির্দেশ দিয়ে৷

Leave A Reply