Breaking

ভূটানৰ সংবাদ মাধ্যমত খলকনিৰ সৃষ্টি এখন অসমীয়া উপন্যাসৰ…

0 65

সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ পাঠকৰ মাজত সাহিত্য অভিযন্তা হিচাপে জনপ্ৰিয়তা লাভ কৰা উত্তৰ প্ৰদেশৰ নয়ডাৰ অস্থায়ী বসিন্দা উপন্যাসিক চুমিন্দ্ৰ চৌধুৰীৰ
মণিকূট প্ৰকাশনে এইবছৰ প্ৰকাশ কৰিবলৈ সাজু কৰি তোলা “ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি” নামৰ বহুলভাৱে চৰ্চিত উপন্যাসখনে ভূটানৰ সংবাদ মাধ্যমত খলকনি তুলিবলৈ সক্ষম হৈছে ।


চুবুৰীয়া দেশ ভূটানৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ ভেটিত ৰচিত উপন্যাসখন প্ৰকাশ হোৱাৰ আগতেই সেই দেশৰ প্ৰচাৰ মাধ্যমত ইতিমধ্যে যথেষ্ট চৰ্চিত হৈছিল। শেহতীয়াকৈ আজি ভূটানৰ সৰ্বাধিক প্ৰচাৰিত বাতৰিকাকত ‘ভূটান টাইমচ্’ৰ সম্পাদকীয় বাতৰি শিতানত সম্পূৰ্ণ এটা পৃষ্ঠাত কিতাপখন সম্পৰ্কে বিস্তাৰিতভাৱে গুৰুত্বপূৰ্ণ ৰূপত বাতৰিটো প্ৰকাশ হৈছে। ভূটানৰ প্ৰচাৰ মাধ্যমৰ এই সহাৰিয়ে অকল আমাকেই উৎসাহিত কৰা নাই , ভাৰত আৰু ভূটানৰ মাজত থকা আত্মিক সম্পৰ্কক পুনৰবাৰ ই স্পষ্ট কৰিলে। উল্লেখযোগ্য যে আগন্তুক গুৱাহাটী গ্ৰন্থ মেলাৰ সময়ত কিতাপখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ ভূটান চৰকাৰৰ কনচুলেট জেনেৰেলে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে। উপন্যাসখনৰ ইংৰাজী সংস্কৰণটো অহাবছৰৰ ফেব্ৰুৱাৰী মাহত ভূটানৰ ৰাজধানী থিম্পুত উন্মোচন কৰা হ’ব।

দ্ৰুক য়ুল, বজ্ৰায়ণ বৌদ্ধধৰ্মৰ অলৌকিক তন্ত্র-মন্ত্রৰ লগতে ভুত, প্ৰেত, দৈত্য দানৱ, পিশাচ, ডাকিনী আৰু যোগিনীৰ ৰূপ কথাৰে সমৃদ্ধ এখন মায়াবী দেশ, যি এতিয়া মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা দেশ ‘ভূটান’ নামেৰে পৰিচিত। এই কিম্বদন্তীৰ দেশ খনতে এদিনাখন কৰ্মসূত্ৰে গুৱাহাটীৰ পৰি আহি উপস্থিত হৈছিল এটা প্ৰখ্যাত কৰ্পোৰেট প্ৰতিষ্ঠানত কৰ্মৰত যান্ত্ৰিক অভিযন্তা অভিনন্দন চৌধুৰী । এই ভ্ৰমণ কালতে অভিযন্তা অভিনন্দন চৌধুৰীৰ সংযোগ ঘটিছিল পুনাখাৰ দ্ৰুকনন্দিনী অচাৰাৰ সৈতে। ঘাত-প্ৰতিঘাত আৰু ত‍্যাগৰ মাজেৰে উদ্ভাসিত হৈ উঠা তেওঁলোকৰ প্ৰেম কাহিনীৰ ভেটিতেই ৰচিত, লেখক চুমিন্দ্ৰ চৌধুৰীৰ শেহতীয়া উপন্যাস “ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি”।

উপন্যাসখন অতি শীঘ্ৰেই আপোনালোকৰ হাতত গ্ৰন্থৰ আকাৰত তুলি দিব অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান মনিকূটে।

Leave A Reply