Breaking

বৰপেটা জিলাৰ মানচিত্ৰ সলনিক লৈ প্ৰতিবাদ এগৰাকী ব্যক্তিৰ

0 104

বৰপেটা জিলাক খণ্ডিত আৰু খর্বিত কৰাৰ প্ৰতিবাদ কৰি আৰু প্ৰতিকাৰ বিচাৰি বৰপেটা প্ৰেছ ক্লাবৰ সন্মুখত এগৰাকী ব্যক্তিৰ অৱস্থান ধৰ্মঘট।

পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ সাব্যস্ত কৰা প্ৰতিবাদত তেওঁৰ মনোভাৱ, ‘কাৰোবাৰ ৰাজনৈতিক স্বাৰ্থত যদি সচাঁকৈয়ে সমগ্ৰ বৰপেটা জিলাক ব্যৱহাৰ কৰিছে এয়া অত্যন্ত দুখজনক। কথাবোৰ আজিকালি যদি ইমানেই সহজ হৈছে, তেতিয়া গণতন্ত্ৰৰ কি দৰকাৰ। মন গৈছে জিলা দিছে, মন গৈছে কৰ্তন কৰিছে। মানচিত্ৰ সলনি কৰিছে। খণ্ডিত কৰিছে, কোনোবাৰ লগত সংলগ্ন কৰিছে। সকলো যদি মাত্ৰ এখন কেবিনেটতেই হৈ যায় তেতিয়া হ’লে নাগৰিকৰ কি দৰকাৰ। এটা কথা মন কৰা উচিত ৰাইজ অতিষ্ঠ হ’লে যিকোনো চৰকাৰেই খহে। কোনো চৰকাৰেই ভকত নহয়। সাধাৰণ মানুহে সকলো দেখি থাকে। ক্ষোভৰ জুই যেতিয়া জ্বলে মানুহবোৰ অস্থিৰ হয়। সকলো কথাৰ বাচ-বিচাৰ থাকে। আলোচনা থাকে। সকলোৰে ইতিহাস থাকে’।

Leave A Reply