Breaking

আই পি এছ বা এনকাউণ্টাৰ স্পেচিয়েলিষ্ট নহয়-নতুন ৰূপত আনন্দ মিশ্ৰ; আনন্দ মিশ্ৰৰ নতুন নাম অল-ৰাউণ্ডাৰ আনন্দ মিশ্ৰ

0 193

এসময়ৰ এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হিচাপে পৰিচিত আনন্দ মিশ্ৰক দেখা গ’ল নতুন ৰূপত। শেহতীয়াভাৱে ৰাজ্যত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত নিৰীক্ষকৰ ৰূপত দেখা গ’ল জনপ্ৰিয় আইপিএছ বিষয়াগৰাকীক।

যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত নিৰীক্ষক হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে।

২ ফেব্ৰুৱাৰীত চান্দমাৰীৰ ভাস্কৰ বিদ্যাপীঠ, ৩ ফেব্ৰুৱাৰীত গীতানগৰ হাইস্কুল আৰু ৪ ফেব্ৰুৱাৰীত গীতানগৰত জ্যোতি বিদ্যাপীঠত নিৰীক্ষকৰ দায়িত্ব পালন কৰা আনন্দ মিশ্ৰই ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে উৎসাহ যোগালে।

জনপ্ৰিয় বিষয়াগৰাকীক কাষতে পাই আনন্দিত হৈ পৰিছিল ছাত্ৰ-ছাত্ৰীসকল। অপৰাধীৰ বিৰুদ্ধে বহু সফল অভিযানৰ নেতৃত্ব দি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা বিষয়াগৰাকীয়ে শিক্ষকতাৰ দায়িত্ব সফলতাৰে পালন কৰাৰ পিছত নতুন নাম হৈ পৰিছে অলৰাউণ্ডাৰ আনন্দ মিশ্ৰ।

Leave A Reply