Breaking

স্নাতক মহাবিদ্যালয়ৰ সপ্তাহ সমাৰোহ সামৰণি অনুষ্ঠানৰ বাৰে ৰহনীয়া শোভাযাত্ৰা

0 1,053

বিহালীৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ বিহালী স্নাতক মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ সামৰণি অনুষ্ঠান বুধবাৰে অনুষ্ঠিত হৈ যায় । বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰাজ নমঃসূদ্ৰই বাৰেৰহনীয়া সাংস্কৃতিক শুভযাত্ৰাৰে শুভাৰম্ভণি কৰে। অনুষ্ঠানটোৰ য’ত মহাবিদ্যালয় খনৰ বিভিন্ন বিভাগে পৃথকে পৃথকে বাহিৰ কৰে বৰ্ণিল শোভাযাত্ৰা । ইয়াৰ পিছতে মহাবিদ্যালয় সপ্তাহ সমাৰোহ সামৰণি অনুষ্ঠান আৰু নৱাগত আদৰণি সভা খন বন্তি প্ৰজ্বলন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই ।

ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন কলিতা, বিহালী প্ৰেছ ক্লাবৰ সভাপতি দীপক শৰ্মাকে ধৰি মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক কেইবাগৰাকীও ব্যক্তি, স্থানীয় দল-সংগঠনৰ নেতৃবৃন্দ, প্ৰাক্তন ছাত্ৰ সকলে এই অনুষ্ঠানত উপস্থিত থাকে । সভাত মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা আমাৰ প্ৰকাশ উন্মোচন কৰে বিহালী প্ৰেছ ক্লাবৰ সভাপতি দীপক শৰ্মাই । অনুষ্ঠানৰ শেষত গীতৰ শৰাই আগবঢ়াই উদীয়মান গায়ক প্ৰাণদ্বীপে।

Leave A Reply