অসম আৰক্ষীত আন এক নতুন সংযোজন।৩ কোটিকৈ টকা ব্যয় সাপেক্ষে ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰা হৈছে৷প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত চাইবাৰ কিট দিয়া হ’ব৷এই কিটৰ জড়িয়তে থানাতে চাইবাৰ অপৰাধৰ তদন্ত কৰিব পাৰিব৷
আজিৰে পৰা গুৱাহাটী আৰক্ষীৰ চাইবাৰ কিটৰ প্ৰশিক্ষণ আৰম্ভ হ’ব৷ প্ৰতিজন আৰক্ষীক চিআইডিৰ কাৰ্যালয়ত চাইবাৰ কিটৰ প্ৰশিক্ষণ দিয়া হ’ব৷ইয়াৰ সমান্তৰালকৈ আজিৰে পৰা আৰম্ভ হ’ব চাইবাৰ ফৰেনচিক লেব৷চিআইডিৰ কাৰ্যালয়তে চাইবাৰ ফৰেনচিক লেবটো স্থাপন কৰা হৈছে৷
ইফালে আৰক্ষীৰ বাবে ড্ৰাগ ডিটেকচন কিটৰো ব্যৱস্থা কৰা হৈছে৷ডিটেকচন কিটৰ সহায়ত ঘটনাস্থলীতে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰিব জব্দকৃত ড্ৰাগছ৷উল্লেখযােগ্য যে,আজি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰিব চাইবাৰ ফৰেনচিক লেব৷এই চাইবাৰ কিটৰ ব্যৱস্থা একশ্ৰেণীৰ বিশেষ অপৰাধীৰ বাবে হৈ পৰিব পাৰে মূৰৰ কামোৰণি।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী