Breaking

তুলসীবাৰীত ক্ষোভত ফাটি পৰিল এপল’ মিলৰ শ্ৰমিক : ১০ ঘণ্টীয়া ভাৰত-ভূটান পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত

0 2,036

ভি আৰ এছ প্ৰদানৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি অহা  এপল’ মিলৰ শ্ৰমিকৰ ১০ ঘণ্টীয়া প্ৰতিবাদত আজি পুনৰ  উত্তাল হৈ পৰিল তুলসীবাৰী । বছৰৰ পাছত বছৰ ধৰি প্ৰাপ্য আদায়ৰ দাৱীত  সংগ্ৰাম কৰি অহা ৩৯৪ গৰাকী শ্ৰমিক- কৰ্মচাৰীৰ পৰিয়ালৰ লোকে স্থানীয় ৰাইজ তথা দল,সংগঠনৰ সহযোগত ১০ ঘণ্টীয়াকৈ  ভাৰত-ভূটান পথ অৱৰোধ কৰে ।শ্ৰমিক সন্থাৰ সভাপতি দুৰ্গা কলিতা আৰু সম্পাদক দুৰ্গা হালৈৰ নেতৃত্বত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ৰূপায়িত কাৰ্যসূচীৰ ফলত কেবা শতাধিক যান বাহনৰ চলাচল ব্যাহত হৈ পৰে ।ৰাজ্য চৰকাৰৰ লগতে স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰতিবাদকাৰী সকল ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনৰ ফালৰ পৰা  আৰক্ষী ,অৰ্দ্ধ সামৰিক বাহিনীৰ লোক মোতায়েন কৰা হয় ।সম্পূৰ্ণ শান্তিপূৰ্ণ ভাবে ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে মহকুমা প্ৰশাসনৰ ফালৰ পৰা পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্য দণ্ডাধীশ এগৰাকী উপস্থিত হৈ আলোচনাত মিলিত হয় যদিও প্ৰতিবাদ কাৰী সকলে উথ্বাপিত দাবীৰ সমৰ্থনত যুদ্ধংদেহী মনোভাৱেৰে পথ আবদ্ধ কৰি ৰাখে । কাৰ্যসূচী ত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি গোলোক ৰাজৱংশী,বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিটু ৰাজৱংশী, সম্পাদক নৱজিৎ কলিতাৰ লগতে সমাজকৰ্মী হৰেশ্বৰ বৰ্মণ আদিয়েও সহযোগ কৰে । উল্লেখ্য যে আৰ্থিক সংকটৰ বাবে কেইবাজনো শ্ৰমিকে আত্মহত্যাৰ দৰে চৰম পথ বাছি লবলৈ বাধ্য হোৱাৰ লগতে আন কেবাজনো আৰ্থিক সংকটৰ বাবে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ অকাল মৃত্যুক সাবটি লয় । ৰাজ্য চৰকাৰে বাজেট অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰি ভিআৰএছৰ বাবে ধাৰ্য কৰা পোন্ধৰ কোটি টকা বৰ্তমানলৈ মোকলাই নিদিয়াত ক্ষুব্ধ হৈ পৰিছে শ্ৰমিক- কৰ্মচাৰীসকল। ৰাজ্যৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ হিচাবে পৰিচিত ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ অৱস্থা শোচনীয় হৈ পৰাত  বিগত চাৰি বছৰ ধৰি  মিলটোৰ উৎপাদন বন্ধ হৈ আছে। যাৰ বাবে মিলটোৰ প্ৰায় ৩৯৪ শ্ৰমিক-কৰ্মচাৰীৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে। দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শ্ৰমিক-কৰ্মচাৰীয়ে। প্ৰতিবাদ, আন্দোলন কৰাৰ পিছত চৰকাৰে দিয়া আশ্বাস আশ্বাস হৈয়ে ৰল পৰিৱৰ্তনহে একো নহল বুলিও সভাত ক্ষোভ উজাৰি একাংশ শ্ৰমিকে স্থানীয় বিধায়ক ভৱেশ কলিতাৰ ভূমিকাক লৈ ক্ষোভত ফাটি পৰে ।পাছত বিয়লিৰ ভাগত কামৰূপ জিলাৰ উপায়ুক্ত গৰাকীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শ্ৰমিক সকলৰ দাবী বিভাগীয় ভাবে অগ্ৰগতি লাভ কৰা বুলি সদৰী কৰে ।আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাত প্ৰতিবাদ কাৰী সকল সৈমান হয় । পাছত মহকুমা ধিপতিৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ উথ্বাপিত দাৱী সম্বলিত স্মাৰক পত্ৰ  দণ্ডাধীশ গৰাকীৰ হাতত অৰ্পণ কৰে ।

Leave A Reply