Breaking

চাহৰ প্ৰতি আসক্ত নেকি আপুনি ? জানক চাহে আপোনাৰ সম্পৰ্কত মধুৰতা কিদৰে আনে…

0 134

চাহ আপোনাৰ সম্পৰ্কত আনে মধুৰতা

চাহ আমাৰ দৈনন্দিন জীৱনত এনেদৰে জড়িত হৈ পৰিছে যে পুৱা টোপনিৰ পৰা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈ কিমানবাৰ যে আমি আমাৰ বন্ধু-বৰ্গৰ লগত, পৰিয়ালৰ লগত, আলহী-অতিথিৰ লগত চাহৰ সোৱাদ লওঁ তাৰ হিচাপ নাই।

পুৱাই চাহৰ কাপটো হাতত লৈ পত্নীয়ে মৰমেৰে টোপনিৰ পৰা উঠোৱা কাৰ্য্যই যে মনত কিমান এটা মিঠা অনুভূতি জগাই যায়। অফিচত সহকৰ্মীয়ে লগত চাহৰ সোৱাদ লৈ কৰা অলপ গপচপে কামৰ বোজা অধিক পৰিমাণে নহ’লেও অলপ পৰিমাণে হ’লেও কমাই দিয়ে। দিনটোৰ ব্যস্ততাৰ পিছত যেতিয়া গধূলি পৰিয়ালৰ সকলোৰে সৈতে বহি চাহৰ সোৱাদ লয় তেতিয়া দিনটোৰ গোটেই ভাগৰ নোহোৱা হৈ যায়। লগতে সম্বন্ধবোৰো অধিক গভীৰ আৰু মিঠা হৈ যায়।

কেতিয়া আৰু কেনেকৈ

সাধাৰণতে চাহ যেতিয়াই ইচ্ছা তেতিয়াই খাব পাৰি। তথাপ্পিও বে’ড টি আৰু শোৱাৰ আগতে চাহ খোৱাৰ অভ্যাসৰ পৰা নিজকে বচাই ৰখাটো ভাল। ৰাতি শোৱাৰ আগতে চাহ খালে আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে বা ৰাতি বহু ৰাতিলৈকে টোপনি নহাকৈ থাকিব পাৰে।

যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে তেতিয়াহ’লে কেতিয়াও খালি চাহ নাখাব, লগতে ১-২ খন বিস্কুট খাব।চাহ সদায় বনাইহে খাব লাগে। আধা ঘন্টাৰ অধিক সময় আগতে বনাই থোৱা চাহ পুনৰ গৰম কৰি খোৱাটো সঠিক নহয়। এবাৰ উতলোৱা চাহপাত বাৰে বাৰে উতলাই চাহ বনাই খোৱাটো আৰু অধিক হানিকাৰক, ইয়াৰ ফলত চাহত বিষাক্ত দ্ৰব্য সৃষ্টি হ’বলৈ আৰম্ভ কৰে।

Leave A Reply