Breaking

কৃত্ৰিম বানত বুৰ গ’ল পুৰণিগুদাম জনবহুল পথ

0 1,549

এজাক মাত্ৰ বৰষুণ! সেই বৰষুণ জাকতেই কৃত্ৰিম বানত বুৰ যায় নগাঁও জিলাৰ পুৰণিগুদামৰ এটা জনবহুল পথ৷নগাঁঁও জিলাৰ পুৰণিগুদাম আৰু ৰূপহীহাটকে ধৰি কে’বাখনো গাঁও সংযোগ কৰা অতি গুৰুত্বপূৰ্ণ পুৰণিগুদাম ৰূপহীহাট সংযোগী গড়কাপ্তানী পথটোৰ কৃত্ৰিম বান বুৰ যোৱাৰ লগতে পথটো জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈছে৷  এই জনবহুল পথটোৰে প্ৰতিদিনে শিশু-মহিলা,বৃদ্ধ,বেহা-বেপাৰ কৰা লোককে ধৰি নিকটৱৰ্তী গাঁও সমূহৰ বহু সংখ্যক লোকে বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে৷ অতি গুৰুত্বপূৰ্ণ পথটোৰ এনে দুৰৱস্থাই এতিয়া সকলোকে জীয়াতু ভোগাইছে৷ বিশেষকৈ পুৰণিগুদাম কেঞাপটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেঞাপট্টী দলঙলৈকে পথচোৱা বিগত প্ৰায় পাঁচ বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰাৰ বাবে এতিয়া এজাক মাত্ৰ বৰষুণতে একাঁঠু পৰ্যন্ত পানী হোৱাৰ ফলত পথচাৰীসকলৰ লগতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচোৱাৰ দুয়োকাষে থকা ক্ষুদ্ৰ ব্যৱসায়ীসকল৷ বৰষুণ হোৱাৰ পিছত কোনো নলা-নৰ্দমা নথকা পথচোৱা নিমিষতে পানীৰে উপচি পৰাৰ বাবে গ্ৰাহক সকলে দোকান সমূহত প্ৰৱেশ কৰিব নোৱাৰা হয়। ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতো চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত দোকান খুলিও লোকচানৰ সন্মুখীন হয় ব্যৱসায়ীসকল। উপায়ন্তৰ হৈ শীঘ্ৰেই উক্ত পথচোৱা মেৰামতি কৰাৰ লগতে পথৰ দাঁতিত উপযুক্তভাৱে নলা-নৰ্দমাৰ নিৰ্মাণ কৰি সংশ্লিষ্ট গড়কাপ্তানী বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ক্ষুদ্ধ একাংশ স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী ক্ষুদ্ৰ ব্যৱসায়ীসকলে সজোৰে দাবী উত্থাপন কৰিছে৷

Leave A Reply