Breaking

লামডিঙত কৃত্ৰিম বানপানী,ৰেল বিভাগৰ অতি নিম্ন মানৰ কাম কৰাৰ বাবেই ৰাইজৰ অভিযোগ

0 2,032

 হোজাই জিলাৰ ৰেল নগৰী লামডিঙত যোবা কালি দুপৰীয়াৰ ভাগত অকনমান বৰষুন দিয়াৰ পিছত লামডিঙ শহৰৰ মাজ মজিয়াত থকা বি কম ডিৰ পৰা বি এম বি স্কুল আৰু বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীৰ ৰুপ ধাৰণ কৰিছে। এক হাটু পানী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হবলগিয়া হৈছে লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হৈ্ছে। কৃত্ৰিম বানপানীৰ ফলত পথচাৰীৰ জলাকলা খাব লৈগিয়া হৈ্ছে কোনোবাই যদি 30 মিনিট থিয় হবলগিয়া হৈছে আন কোনোবাই 15 মিনিট থিয় হবলগিয়া হৈছে।কোনোবাৰ আকৌ অটো ,মটৰ চাইকেল বেয়া   হৈছে। লামডিঙ ৰাইজৰ অভিযোগ ৰেল বিভাগৰ বিষয় ববিয়া এই ৰাস্তাৰ  নামত বৃহত পৰিমাণৰ ধন আত্মসাত কৰিছে আৰু অতি নিম্ন মানৰ কাম কৰিছে তাৰ বাবেই লামডিঙ বি এম বি স্কুলৰ সন্মুখত থকা আন্ডাৰ গ্ৰাউণ্ডৰ তলৰ পৰা বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীয়ে ৰাইজক জলাকলা খুৱাইছে। এতিয়া লামডিঙ ৰাইজৰ ৰেল বিভাগৰ ওচৰত এটাই দাবী ৰাস্তাটো অতি খুন কালে মেৰামতিৰ কাম কৰি দিয়ে যেন। 

Leave A Reply