Breaking

অসম বিধানসভা অধিৱেশনত নগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক গৃহীত : নগাঁও কলেজত আনন্দৰ বন্যা

0 77

নগাঁও বাসীৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন, এগৰাকী প্ৰাক্তন ছাত্র আৰু নগঞা হিচাপে অত্যন্ত আনন্দিত হৈছো: ৰূপক শৰ্মা। অসম বিধান সভাৰ বিশেষ শৰৎকালীন অধিৱেশনত আজি নগাঁও মহাবিদ্যালয় বিশ্ববিদ্যালয় হিচাপে গৃহীত হোৱাৰ লগে লগে নগাঁও কলেজ চৌহদত আনন্দৰ জোৱাৰ উঠে। এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে কলেজ কৰ্তৃপক্ষ, অধ্যাপক-অধ্যাপিকা, অনাশিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সমূহ শুভাকাংক্ষীৰ উপস্থিতিত সকলোৱে কলেজ চৌহদত বন্তি প্ৰজ্বলন, বেলুন উৰুৱাই আনন্দ উল্লাস কৰে। কলেজখনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সমূহ অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সকলো শুভাকাংক্ষীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতিষ্ঠা কালৰ পৰা জড়িত প্ৰতিগৰাকী ব্যক্তিকে শ্ৰদ্ধাৰে স্মৰণ কৰে। অধ্যক্ষ ড০ বৰকটকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, স্থানীয় বিধায়ক ৰূপক শৰ্মাক নগাঁও কলেজক বিশ্ববিদ্যালয় ঘোষণা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।ইপিনে নগাঁও মহাবিদ্যালয়(অট’নমাচ) বিশ্ববিদ্যালয় মৰ্যাদা লাভৰ পিছতেই বিধায়ক ৰূপক শৰ্মাই কয় যে আজি নগাঁও বাসীৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন।

১৯৪৪ চনত প্ৰতিষ্ঠা হোৱা নগাঁও মহাবিদ্যালয়ে(অট’নমাচ) আজি বিশ্ববিদ্যালয়ৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হ’ল।অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ চুৰ্তথ দিনটোত ৰাজ্যখনৰ ৬ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ ৰূপান্তৰিত কৰাৰ সমন্তৰালকৈ নগাঁও মহাবিদ্যালয়ো বিশ্ববিদ্যালয়ৰ মৰ্যদা লাভ কৰিলে। নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে গৃহীত কৰাৰ পৱিত্ৰ ক্ষণটিত বিধানসভাৰ মজিয়াত উপস্থিত থাকো আৰু আজি এই গৌৰৱময় ক্ষণটিৰ সাক্ষী হবলৈ পায় আহ্লাদিত হৈ পৰো। আজি মই অতিকৈ আনন্দিত মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্র আৰু এগৰাকী নগঞা হিচাপে।লগতে বিধায়ক গৰাকীয়ে কয় যে আজিৰ এই ঐতিহাসিক দিনটোত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তি সকলক শ্ৰদ্ধাৰে সোঁৱৰিছো। আৰু সমগ্ৰ নগাঁও বাসীৰ হৈ অসমৰ মুখ‍্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুকো বিধায়ক শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে।লগতে মহাবিদ্যালয় খনৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্র-ছাত্ৰী সকলকো বিধায়ক শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply