Breaking

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে ৫ খন টাইৱান বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে

0 70

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে টাইৱানৰ পাঁচখন (৫) বিশ্ববিদ্যালয়ৰ সৈতে নতুন দিল্লীত ১৯ নৱেম্বৰত এআইচিটিইৰ অধ্যক্ষ আৰু টাইৱানৰ শিক্ষা মন্ত্ৰালয়ৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা বিশ্ববিদ্যালয়সমূহ হ’ল – নেচনেল চি নান ইউনিভাৰ্ছিটি, ইউয়ান জে ইউনিভাৰ্ছিটি, এছিয়া ইউনিভাৰ্ছিটি, কুন শ্বান ইউনিভাৰ্ছিটি আৰু নেচনেল কাওহছিউং ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকনলজী।

এই অনুষ্ঠানটো সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে (এআইচিটিই) শিক্ষা মন্ত্ৰালয়, নতুন দিল্লীৰ সৈতে মিলি আয়োজন কৰে । এই কাৰ্যসূচীত টাইৱানৰ ১১খন বিশ্ববিদ্যালয় আৰু ৪০খনতকৈও অধিক বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই বুজাবুজি চুক্তিসমূহে শিক্ষাৰ্থী আৰু শিক্ষকসকলক যুটীয়া/দ্বৈত ডিগ্ৰী, ইণ্টাৰ্নশ্বিপ, শিক্ষকসকলৰ প্ৰশিক্ষণ আৰু যুটীয়া গৱেষণা আৰু চৌহদৰ বিনিময় কাৰ্যসূচীৰ পৰা লাভান্বিত হোৱাত সহায় কৰিব।

এই কাৰ্যসূচীত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জোচে পালেলি আৰু বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড° বিক্ৰমজিৎ গোস্বামীয়ে অংশগ্ৰহণ কৰে।

তেওঁলোকে টাইৱান বিশ্ববিদ্যালয়সমূহৰ সৈতে সহযোগিতা আৰু অংশীদাৰীত্বৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত এআইচিটিইৰ অধ্যক্ষ, অধ্যাপক টি জি সীথাৰাম আৰু শিক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহক গভীৰভাৱে প্ৰশংসা কৰে।

Leave A Reply