Breaking

অৱসৰী জীৱন সুৰক্ষিত কৰাৰ দাবী সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ

0 2,119

চৰকাৰী কৰ্মচাৰী সমাজ, প্ৰশাসন ব্যৱস্থাৰ অভিন্ন অংগ। তেওঁলোকৰ দ্বাৰাই ৰাজ্য তথা দেশৰ প্ৰগতি হৈছে। তেওঁলোক সমাজ আৰু সভ্যতাৰ উত্তৰণৰ বাবে মুখ্যত: কাম কৰি আহিছে। এই সকল ব্যক্তিৰ অৱসৰী জীৱনৰ দায়িত্ব চৰকাৰে ল’বই লাগিব। এয়া ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু সমাজ ব্যৱস্থাই নিৰ্দেশ দিয়ে। চৰকাৰে এন পি এছ ব্যৱস্থাৰে অসমৰ বিষয়া- শিক্ষক- আৰক্ষী- কৰ্মচাৰী সমাজক অন্ধকাৰ ভবিষ্যতলৈ নিয়া কাৰ্য ভাৰতীয় ঐতিহ্য, সভ্যতা, সংস্কৃতিৰ পৰিপন্থী। সেয়েহে অনতিপলমে চৰকাৰে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰী সকলক The Assam Services Pension Rules 1969 (পুৰণি পেঞ্চন ব্যৱস্থা)ৰ যোগেদি অৱসৰী জীৱনক সুৰক্ষিত কৰিবলৈ দাবী জনাইছে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সম্পাদক অপূৰ্ব শৰ্মাই। অসমত পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনাই অহা সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই ইং ৩১ জানুৱাৰী তাৰিখে ‘গণ অভিৱৰ্তন’ অনুস্থিত কৰিছিল। এই গণ অভিৱৰ্তনত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, অৰ্থনীতিবিদ, সাংবাদিক, বুদ্ধিজীৱী, প্ৰতিষ্ঠিত কৰ্মচাৰী সন্থা- সংঘৰ প্ৰতিনিধিসকলে এক কণ্ঠেৰে এন পি এছ ব্যৱস্থাই অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব বুলি মত পোষণ কৰি অসম চৰকাৰৰ যোগাত্মক সঁহাৰিৰ বাবে আহ্বান জনাইছিল । এই আহ্বানৰ প্ৰতি অসম চৰকাৰে সদিচ্ছা নেদেখুওৱাই চৰকাৰৰ নেতিবাচক মনোভাব স্পষ্ট কৰিছে। অসমৰ মাননীয় বিধান সভাইয়ো এন পি এছ ব্যৱস্থাৰ নেতিবাচক প্ৰভাৱ স্বীকাৰ কৰাৰ পিছতো অসম চৰকাৰে দাখিল কৰা ৰাজ্যিক বাজেটতো এই বিষয়টি উল্লেখ নকৰি অসমৰ কৰ্মচাৰী সমাজৰ মাজত সৃষ্টি হোৱা অৱসৰী জীৱনৰ প্ৰতি শংকাক চৰকাৰে ভেঙুচালি কৰা বুলি প্ৰকাশ কৰিছে সন্থাৰ সভাপতি আৰু সম্পাদকে। যি ক্ষেত্ৰত অসমৰ লাখ লাখ কৰ্মচাৰীয়ে চৰকাৰৰ প্ৰতি আশাৰে বাট চাই আছিল, চৰকাৰে কৰা এনে উদাসীন ব্যৱহাৰৰ প্ৰতি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। চৰকাৰৰ কাৰ্যসূচীক সততে সহযোগ কৰি অহা সন্থাই ৰাজ্য চৰকাৰৰ উদাসীনতাৰ বাবে বাধ্য হৈ ৰাজ্যত অ পি এছ ব্যৱস্থা বলবৎ কৰাৰ বাবে পুনৰ দাবী জনাই আজিৰে  পৰা সন্থাৰ আহ্বানত আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই আন্দোলনৰ অংশ হিচাপে অসমৰ এন পি এছ আঁচনিৰ অন্তৰ্ভূক্ত শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰীয়ে নিজ নিজ কৰ্তব্যস্থলীত উপস্থিত থাকি চৰকাৰী কামৰ পৰা বিৰত হৈ জনসাধাৰণক পণবন্দী নকৰাকৈ অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰিছে। সন্থাৰ সভাপতি-সম্পাদকে অসমৰ বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা কাৰ্যকালৰ কোনো বাধ্য বাধকতা নথকাকৈ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীয়ে পাবলগীয়া নিম্নতম ১০ লাখ টকাৰ অৱসৰকালীন আনুতোষিক (Retirement Gratuity) ৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী নিৰ্দেশ আজিলৈ প্ৰকাশ নকৰাত ক্ষোভ প্ৰকাশ কৰি এই ক্ষেত্ৰত সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে।   
আজিৰ আন্দোলন কাৰ্যসুচীত অংশগ্ৰহণ কৰি নিজৰ পাপ্যৰ হকে মাত মতা আৰু অসমৰ কৰ্মচাৰী সমাজৰ ভৱিষ্যতৰ হকে আগবাঢ়ি অহা প্ৰতিজন সন্মানীয় বিষয়া, শিক্ষক, আৰক্ষী, কৰ্মচাৰীক সন্থাৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে সভাপতি- সম্পাদকে। একেলগে যি কেইটা অসমৰ কৰ্মচাৰী সন্থা- সংঘই এই অ পি এছ প্ৰতিষ্ঠাৰ সংগ্ৰামত সমৰ্থন দিছে তেওঁলোককো ধন্যবাদ জনাই ৰাজ্যৰ আন কৰ্মচাৰী সন্থা, সংঘক সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সংগ্ৰামক স্পষ্ট সমৰ্থন দিবলৈ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সম্পাদক  অপূৰ্ব শৰ্মাই অনুৰোধ জনাইছে।  ইয়াৰ অংশ হিচাপে ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত কৰ্মবিৰতি সুকলমে সমাপন হয়। জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়া  আৰু সম্পাদক মনোজ মহন কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে কৰ্মচাৰী, বিভিন্ন কৰ্মচাৰী সন্থাক ধন্যবাদ জনাইছে।

Leave A Reply