Breaking

উচ্চ শিক্ষাৰ পৰিমাপত বহু পিছ পৰি আছে অসম

0 60

উচ্চ শিক্ষা সন্দৰ্ভত সৰ্বভাৰতীয় এক সমীক্ষাত দেখা গৈছে যে অসমত এক লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৬খন মহাবিদ্যালয় আছে আনফালে ৰাষ্ট্ৰীয় অনুপাতত এক লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে ৩১খন মহাবিদ্যালয় আছে।

দেশৰ আন বহু ৰাজ্যৰ তুলনাত ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ সংখ্যাও কম। ২০২০-২১ বৰ্ষত শিক্ষা মন্ত্ৰালয়ে চলোৱা সমীক্ষাৰ প্ৰতিবেদন সোমবাৰে ওলাল।

এই প্ৰতিবেদনত ভাৰতৰ ৰাজ্যসমূহৰ উচ্চ শিক্ষাৰ পৰিমাপ দিয়া হৈছে।

প্রতিবেদনত প্রকাশ কৰা হৈছে যে অসমত প্রায়বোৰ পেৰামিটাৰ যেনে- ছাত্র-শিক্ষকৰ অনুপাতত আন্তঃগাঁথনি ভাল নহয়৷ ৰাজ্যত ১০৮খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৬০০খন মহাবিদ্যালয় আছে৷

ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ সংখ্যা ২৮খন, যিটো ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ পৰা চালে বহু কম।

Leave A Reply