Breaking

অনভিজ্ঞতা আৰু একাগ্ৰতাহীনতাৰ বাবে অসম পিছ পৰি আছে – এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ…

0 36

অনভিজ্ঞতা আৰু শিকাৰ প্ৰতি ধাউতি নথকা বাবে আমি বহু ক্ষেত্ৰত পিছ পৰি আঁছো। এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । আজি জনতা ভবনত এই মন্তব্য কৰি ডঃ শৰ্মাই কয় যে অসমত প্ৰকৃতিৰ অলেখ সমল আছে। কিন্তু পৰ্যটক সকলক আমি বুজাব নাজানো। তেওঁ কাজিৰঙা ভ্ৰমনৰ বাবে অহা পৰ্যটক সকলক চৰাইদেউৰ মৈদামৰ কথা নকওঁ। ইয়াৰ ফলত বহু সংখ্যক পৰ্যটকে কাজিৰঙা, কহৰা ভ্ৰমন কৰি উৰা মাৰে শ্বিলঙলৈ। কাজিৰঙাৰ জিপছিৰ চালক সকলে কেইটামান শব্দ শিকি চৰাইদেউ, হাফলঙ, ডিমাহাচাওৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা ক’লে তেওঁলোকে নিশ্চিত ভাবে সেই স্হান বোৰলৈ পৰিভ্ৰমণ কৰিবলৈ যাব।

আমি টাৱাঙৰ কথা ক’লে তেওঁলোকে এনিশা তেজপুৰত কটাব লাগিব। তেজপুৰৰ সৌন্দৰ্য্য এদিন উপভোগ কৰিলে আন এগৰাকী পৰ্যটকে জানিব পাৰিব। কিন্তু কাজিৰঙালৈ অহা পৰ্যটকক মাথো এশিঙীয়া গড়ৰ বাহিৰে আন কথা নকয় চালক সকলে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জম্মু কাশ্মীৰ, ৰাজস্থান আদি ৰাজ্যৰ লগত ফেৰ মাৰিব পৰা সম্পদৰে ৰাজ্যখন ভৰি থকাৰ পিছতো পৰ্যটকক প্ৰয়োজনীয় আকৰ্ষন কৰিব পৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ডঃ শৰ্মাই ইয়াৰ বাবে আমাৰ অনভিজ্ঞতা, আলোচনা নকৰাৰ লগতে শিকিবলৈ আগ্ৰহ নথকা স্বভাৱেৰে দায়ী বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে দেশী-বিদেশী বহু পৰ্যটকে কাজিৰঙাত এটা বা দুটা নিশা কটাই ঢাপলি মেলে চুবুৰীয়া ৰাজ্যলৈ।

পৰ্যটন বিভাগে কাজিৰঙা , মানাহ, পবিতৰালৈ অহা পৰ্যটক সকলক অসমৰ পৰ্যটন থলী সমূহৰ বিষয়ে জ্ঞাত কৰিবলৈ তেনে আঁচনি হাতত লোৱা পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক পৰ্যটন বিভাগে অধিক গুৰুত্ব প্ৰদান কৰিলে অসমত ব্যয় হবলগীয়া ধন ওলাই যোৱাৰ পথ বন্ধ হোৱাটো নিশ্চিত।

Leave A Reply