Breaking

তামুলপুৰৰ কুমাৰীকাটাত অসম পুলিচ মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ…

0 70

তামুলপুৰৰ কুমাৰীকাটাত অসম পুলিচ মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদত মুখৰ আছুকে ধৰি কেইবাটাও ছাত্র সংগঠন। যোৱা ২৪ জুনত বাক্সা জিলা আছুৰ সাধাৰণ সম্পাদক ডুলুজিত দাসৰ ওপৰত কুমাৰীকাটা আৰক্ষীয়ে তালাচীৰ নামত মানসিক নিৰ্যাতন চলোৱাক কেন্দ্ৰ কৰি আজি ২ ঘণ্টীয়া অৱস্থান ঘৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি অসম পুলিচ হায়! হায়! মুখ্যমন্ত্ৰী হুচিয়াৰ, পুলিচৰ দাদাগিৰি নছলিব !

গৃহ বিভাগ হায় হায়! ছাত্ৰ ঐক্য জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰে।ঘটনাক লৈ জিলা উপায়ুক স্মাৰক পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰেই আৰক্ষী দুগৰাকীৰ ওপৰত বিধিগত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাত এই কাৰ্যসূচী গ্ৰহণ কৰিছে আছুই।

আছুৰ লগতে গোর্খা, ৰাভা, বৰ্মন কছাৰী, আটচা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, কোচ ৰাজবংশী, শৰণীয়া, বাঙালী ফেডাৰেচন, কুমাৰীকাটা মহিলা সমিতিকে ধৰি বহু দল সংগঠনৰ লোকে অংশগ্ৰহণ কৰা উক্ত প্ৰতিবাদ স্থলীৰ পৰাই আৰক্ষী দুগৰাকীৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ধাৰাবাহিক আন্দোলন গঢ়ি তোলা হব বুলি প্ৰতিবাদকাৰী সকলে সকীয়াই দিয়ে।

Leave A Reply