Breaking

নৰ্থ ইষ্ট হুইল চেয়াৰ বাস্কেটবলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসমৰ দলে

0 79

 দুৰ্দান্ত ৰূপত এজাক বিশেষভাৱে সক্ষম বাস্কেটবল খেলুৱৈ । হুইল চেয়াৰত বহি খেলিছে  । লক্ষ্য নৰ্থ ইষ্ট হুইল চেয়াৰ বাস্কেটবল প্ৰতিযোগিতা । তেওঁলোক বিশেষ সক্ষম খেলুৱৈ । কোনোৱে দুঃঘটনাত পতিত হৈ হেৰুৱাইছে ভৰি, কোনোবাজন জন্মগত ব্যাধিৰ হৈছে চিকাৰ । তথাপি তেওঁলোকৰ খেলুৱৈ মনটো থমকি ৰোৱা নাই । এয়া গুৱাহাটীত অৱস্থিত মাৰিয়াছ প্লাবিক স্কুলৰ বাস্কেটবল কৰ্টৰ দৃশ্য । সাতগৰাকী অসমৰ বিভিন্ন জিলাৰ বিশেষ ভাৱে সক্ষম খেলুৱৈয়ে কৰিছে বাস্কেটবলৰ অনুশীলন । এপ্ৰিল মাহৰ প্ৰথম ভাগৰ পৰা অসম হুইল চেয়াৰ বাস্কেটবল এছ’চিয়েচনৰ উদ্যোগত দিয়া হৈছে প্ৰশিক্ষণ ।

লক্ষ্য মণিপুৰৰ ইম্ফলত ২৩ আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা নৰ্থ ইষ্ট জ’নেল চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ বিশেষ ভাৱে সক্ষম খেলুৱৈয়ে । প্ৰতিযোগিতাত বিজয়ী আৰু বিজিত দলে সমাগত অল ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব । তাৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত খেলুৱৈসকল । দুগৰাকী প্ৰশিক্ষকে প্ৰতিদিনাই দলটোক প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে লালমপুইয়া আৰু সহকাৰী প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছে মোহন ঘোষে ।

উল্লেখযোগ্য যে, ২০১৮ আৰু ২০১৯ চনত নেচনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল অসম দলে । ইয়াৰ পাছত ২০২০ বৰ্ষত সৰ্বভাৰতীয় ভাৰ্চুৱেল স্কীল চেম্পিয়নশ্বিপত অসমৰ স্থান আছিল তৃতীয় । এই বৰ্ষৰ প্ৰতিযোগিতাসমূহকলৈ আশাবাদী সহ প্ৰশিক্ষক মোহন ঘোষ ।১০ জন খেলুৱৈৰ মাজৰ পৰা বাছনি কৰা হ’ল যোৰহাট, নলবাৰী, বৰপেটা, কামৰূপ মেট্ৰৰ সাতগৰাকী খেলুৱৈক । খেলুৱৈ সকল হ’ল– বিদ্যুৎ বৰুৱা, সঞ্জীৱ দত্ত, আমিৰ আলী, ইছমাইল হুইছেইন, ছত্তৰ আলী, ৰকিবুল ইছলাম আৰু চামচুল হক । ইয়াৰে কেইবাজনেও পূৰ্বতে সৰ্বভাৰতীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ আছে অভিজ্ঞতা । অধিনায়ক হিচাপে নিজ দলৰ ওপৰত বিশ্বাস ৰাখিছে অধিনায়ক বিদ্যুৎ বৰুৱাই ।

Leave A Reply