Breaking

Browsing Category

অসম

লাহৰীঘাটৰ টেঙাগুৰি কচাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ তাণ্ডৱ ,এসপ্তাহত গৃহহীন প্ৰায় শতাধিক…

 মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰী কচাৰী গাঁৱত পুনৰ আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ গৰা -খহনীয়াৰ ভয়াৱহ তাণ্ডৱ। এটা সপ্তাহতে গৃহহীন হৈছে প্ৰায়  শতাধিক পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন বহু পৰিয়াললৈ। খহনীয়াৰ আতংকত আতংকিত আন বহু পৰিয়ালৰ
Read More...

আপোনাৰ ক্ষুদ্ৰ প্ৰয়াসে বচাব পাৰে এগৰাকী চফল ডেকাক, জীৱনৰ কঠোৰ সময়ত পত্নী অনন্যাৰ ফেচবুকযোগে এটি…

কোভিডত আক্ৰান্ত হোৱাৰ পিছত ফলাফল নিগেটিভ আহিলেও শৰীৰৰ বিশেষ ক্ষতি কৰি থৈ যায় কোৰোণাই। বিশেষকৈ ই হাঁওফাঁওক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। অসমৰ এগৰাকী চফল ডেকা সম্প্ৰতি পোষ্ট–কোভিডজনিত হাঁওফাঁওৰ সমস্যাত পৰি মৃত্যুৰে যুঁজি আছে গুৱাহাটীৰ এক্সেল
Read More...

৬ জুৱাৰীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ ধূলা আৰক্ষীৰ।

 বৰ্তমান সময়ত সমাজৰ একাংশ ব্যক্তিয়ে আবাধে চলাই গৈছে বিভিন্ন ধৰণৰ জুৱা খেল। সমাজৰ এনেধৰণৰ অবৈধ কাৰ্যৰ বিৰুদ্ধে দৰঙৰ ধূলা আৰক্ষীয়ে ধাৰাবাহিক ভাবে চলাই গৈছে অভিযান। সেই মৰ্মে শুক্ৰবাৰে ধূলা আৰক্ষীয়ে গোপন খবৰৰ পম খেদি ধূলা আৰক্ষী থানাৰ
Read More...

কুখ্যাত অপৰাধীক দমনৰ বাবে নগাঁও আৰক্ষী অধীক্ষকে গঠন কৰিলে বিশেষ অভিযানকাৰী বাহিনী, নগাঁৱত অপৰাধ…

অপৰাধীৰ ৰাজধানী হিচাপে পৰিচিত নগাঁও। বিগত বছৰটোত নগাঁও আৰক্ষীক জ্বলা-কলা খুৱাইছিল অপৰাধীয়ে। বিগত বৰ্ষৰ আৰম্ভণিতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নগাঁও আৰক্ষীৰ জোৱানৰ পৰা পিষ্টল কাঢ়ি নিছিল অপৰাধীয়ে। আনকি অপৰাধীয়ে আৰক্ষী চকীৰ ভিতৰত
Read More...

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত চৰকাৰী আঁচনিক লৈ জলসম্পদ বিভাগৰ কোটি টকীয়া পকী বেৰা বাগৰি পৰিল দিহা…

অসমৰ অন্যতম পীঠস্থান যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সম্প্ৰতি চলিছে চৰকাৰী আঁচনিৰ নামত একাংশ ঠিকাদাৰৰ লুণ্ঠন। ৰাজনৈতিক নেতাৰ পৰা সৰ্বসাধাৰণ লোকৰ ঢেকীয়াখোৱা বৰনামঘৰ বুলি শ্ৰদ্ধাত মূৰ দোঁ খাই যোৱাৰ বিপৰীতে বিভিন্ন বিভাগৰ একাংশ
Read More...

বালিপৰা লখৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্ট চক্ৰই চলাই আহিছে মদ,জুৱা,তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি এটা অসাধু চক্ৰই চলাই আছে নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা।  শোণিতপুৰৰ লখৰাত চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান
Read More...

মাৰ্ঘেৰিটাত যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰা যুগ্ম-অযুগ্ম সংখ্যা নিয়ম ধোঁৱাচাঙত

ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰি নীতি নিদেৰ্শনা| সমগ্ৰ ৰাজ্যখনৰ লগতে তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা | ইয়াৰ পিছতো যেন মুঠেও সচেতন নহয় একাংশ লোক |
Read More...

ৰিতুল শইকীয়াক মুকলি কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।

ৰিতুল শইকীয়াক মুকলি কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সাজু আলফা স্বাধীন ! যদিহে পথ মসৃণ হয়, যদিহে কোনো বাধা নাথাকে তেন্তে আলোচনা কৰিব আলফা স্বাধীনে জনালে সংবাদ মাধ্যমক ।
Read More...

নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত বিপদসংকুল আহ যাহ

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ চৰাঞ্চলত লক্ষাধিক লোকৰ নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত সম্প্ৰতি এক ভয়াবহ যাতায়ত অব্যাহত আছে। স্বাধীনতাৰ সাত দশকৰ পিছতো মৰণক শৰণ দি নিতৌ পাৰাপাৰ হয় চৰাঞ্চলৰ সহস্ৰজনে। কিছু দিনৰ
Read More...

এইবাৰ ‘যশ’ ঘূৰ্ণিবতাহৰ তাণ্ডৱ, ৫ ৰাজ্যত সতৰ্ক বাণী প্ৰশাসনৰ

তাউকতে ঘূৰ্ণিবতাহৰ পিছত এইবাৰ যশ নামৰ আন এক ঘূৰ্ণিবতাহে সংকট হৈ দেখা দিছে দেশৰ উপকূলীয় অঞ্চলত। যাৰ বাবে ইতিমধ্যে ৫ খনকৈ ৰাজ্যত সতৰ্ক বাণী জাৰি কৰিছে প্ৰশাসনে।এই সাগৰীয় ঘূৰ্ণিবতাহে দক্ষিণ পূব ভাৰতৰ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলাব বুলি শংকা
Read More...