Breaking

দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ ক্ৰীড়াবিদ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ : পৰিয়ালৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল ঋণাত্মক

0 65

নাজিৰা

 দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ বিশিষ্ট ক্ৰীড়াবিদ শিৱসাগৰ জিলাৰ পাটসাঁকো অঞ্চলৰ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ হৈ উঠিছে। তদুপৰি তেওঁৰ সংস্পৰ্শলৈ অহা সহধৰ্মিনী, কন্যা আৰু ভতিজাককে ধৰি পৰিয়ালৰ কোনো এগৰাকী লোকৰ দেহতেই ক’ৰোনা ভাইৰাছ সংক্ৰমণ ঘটা নাই। ক্ৰীড়াবিদগৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিৰ তেজৰ নমুনা পৰীক্ষাৰ ফলাফল ঋণাত্মক বুলি সদৰী কৰা হৈছে৷ আনহাতে যোৱা এঘাৰটাকৈ  দিন ধৰি পুষ্প বৰুৱাক কোৱাৰেণ্টিনত ৰখা হৈছে যদিও তেওঁৰ স্থাস্থ্য ক্ৰমাৎ উন্নতি ঘটিছে আৰু তিনিটা দিনৰ পাছত তেওঁৰ তেজৰ নমুনা পুনৰ পৰীক্ষা কৰা হ’ব। উল্লেখযোগ্য যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে পত্নী আৰু কন্যাৰ লগত তেওঁ যোৱা ৩১ জানুৱাৰীতে দিল্লীলৈ গৈছিল। পাটসাঁকোৰ আখৈয়া গাঁৱৰ ব্যক্তিগৰাকীয়ে পত্নী আৰু কন্যাৰ লগত দক্ষিণ দিল্লীৰ গোবিন্দপুৰ অঞ্চলৰ এটা ভাৰা ঘৰত থাকি ইন্দ্ৰপ্ৰস্থ এপ’ল’ চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা কৰাইছিল। যোৱা ৪ ফেব্ৰুৱাৰীত অস্ত্ৰোপচাৰ কৰোৱাৰ পাছত তেওঁ পুনৰ উক্ত ভাৰাঘৰটোলৈ যায়। তাৰ পাছত এটা এটাকৈ তেওঁ এপল’ চিকিৎসালয়ত চাৰিটা কেম’ থেৰাপি লয়৷ ২৭ এপ্ৰিলৰ দিনা তেওঁ পঞ্চমটো কেম’ থেৰাপি লোৱাৰ বাবে পুনৰ চিকিৎসালয়খনত উপস্থিত হয়৷ কিন্তু চিকিৎসকে সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ক’ভিড-১৯ ৰ পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। তাৰ পাছতে তেওঁক দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ ১০৩ নং কোঠাত কোৱাৰেণ্টিন কৰা হয়। ইফালে তেওঁৰ পত্নী, কন্যা আৰু ভতিজাকৰ তেজ পৰীক্ষা কৰা হয় যদিও তেওঁলোকৰ দেহত ক’ৰোনা ভাইৰাছ সংক্ৰমণ ঘটা নাই বুলি চিকিৎসকে স্পষ্ট কৰি দিছে। ক্ৰীড়াবিদ পুষ্প বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ বৰ্তমানলৈকে সুস্থ বুলি ব্যক্ত কৰিছে। অৱশ্যে ক’ৰোনা আক্ৰান্ত হোৱাৰ বাবে তেওঁ কেম’ থেৰাপি লোৱাৰ পৰা বঞ্চিত হৈ আছে। চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ বুজ লৈ আছে যদিও কোনো ধৰণৰ সু চিকিৎসা আগবঢ়োৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে৷

Leave A Reply