Breaking

অসমৰ কৃষক বিজয়লক্ষ্মী পামে আৰু বলীন পাত্ৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি

0 51

গৌৰৱৰ বিষয়। অসমৰ বহু বিলুপ্তপ্ৰায় থলুৱা বাওধানৰ জাতৰ সংৰক্ষণ আৰু সংবৰ্ধন তথা ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্প্ৰসাৰণত বিশেষ অৱদান আগবঢ়োৱা অসমৰ দুগৰাকী কৃষক বিজয়লক্ষ্মী পামে আৰু বলীন পাত্ৰই কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰটেকচন অৱ প্লেণ্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ্ছ ৰাইট অথৰিটীৰ “Plant Genome Saviour Recognition, 2020-21″ৰ বাবে নিৰ্বাচিত হৈছে।

ধেমাজিৰ দীঘলী চাপৰি নিৱাসী প্ৰগতিশীল কৃষক পামে আৰু একেখন জিলাৰে লাখটকীয়া নিৱাসী পাত্ৰৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি তথা সফলতাই ৰাজ্যখনৰ বহু কৃষকক অনুপ্ৰেৰণা যোগাব।

এই আনন্দৰ মুহূৰ্তত দুয়োকে কৃষি মন্ত্ৰী অতুল বৰাই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে, অহা ১২ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া “গ্লবেল ফাৰ্মাৰ্ছ ৰাইট কনক্লেভত তেওঁলোকে এই বঁটা গ্ৰহণ কৰিব।

Leave A Reply