Breaking

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ হিচাপ দাখিল: জামুগুৰি সাহিত্য সন্মিলনীৰ নতুন সমিতি গঠন

0 1,522

জামুগুৰিহাট, ২৪ ডিচেম্বৰ: সাম্প্রতিক অসমৰ অন্যতম সাহিত্য চৰ্চাৰ অনুষ্ঠান অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ হিচাপ কালি জামুগুৰিহাটৰ বাপুজী ভৱনত দাখিল কৰে উদ্ যাপন সমিতিয়ে। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহৰ ৭, ৮ আৰু ৯ তাৰিখে সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱস জামুগুৰি হাটত অনুষ্ঠিত হৈছিল। সন্মিলনীৰ সাংবিধানিক নীতি অনুসৰি ৪৫ দিনৰ ভিতৰত উদ্ যাপন সমিতিখনে হিচাপ দাখিল কৰিব লাগিছিল যদিও ক’ভিড – ১৯ ৰ বাবে কিছু মাহ পিছুৱাই কালি পৰীক্ষিত হিচাপ দাখিল কৰে। প্ৰতিষ্ঠা দিৱস উদ্ যাপন সমিতিৰ সভাপতি গোলাপ কলিতাই সভাপতিত্ব কৰা আৰু প্ৰধান সম্পাদক ৰঞ্জিত বৰঠাকুৰে আঁতধৰা সভাখনত সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক মিংকু কলিতা উপস্থিত থাকে। হিচাপ পৰীক্ষক লীলা ভূঞাৰ অনুমতি সাপেক্ষে বিত্ত সম্পাদক চাৰু কমল নেওগে সভাত হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে। সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হিচাপৰ সামৰণি উদ্ধৃতি মুঠ জমা ৪৭১৮৬২.০০ টকাৰ বিপৰীতে খৰচ ৪৪০৮৬২.০০ টকা। ৰাহি ৩১০০০.০০ টকা। কোনো চৰকাৰী অনুদান নোলোৱাকৈ একমাত্র ৰাইজৰ দান-বৰঙণিৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত ৰাহি ধনেৰে হিচাপ সামৰণি মৰাত উদ্ যাপন সমিতিখনলৈ ধন্যবাদ জ্ঞাপন কৰে উপস্থিত সদস্যসকলে। আনহাতে উক্ত সভাতে অসমীয়া সাহিত্য সংস্কৃতিৰ অন্যতম কাণ্ডাৰী, পৰ্বত-ভৈয়ামৰ সাংস্কৃতিক সমন্বয়ক, শোণিতকোঁৱৰ গজেন বৰুৱা স্মৃতি দিৱস ২১ জানুৱাৰীত জামুগুৰি হাটত বিস্তৃতভাবে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সভাই। অঞ্চলটোৰ সকলো অনুষ্ঠানক একত্রিত কৰি উমৈহতীয়া ভাৱে উদ্ যাপন কৰিব বিচৰা উক্ত স্মৃতি দিৱসৰ বাবে কালি গঠন কৰা উদ্ যাপন সমিতিখন ক্ৰমে সভাপতি গোলাপ কলিতা, কাৰ্যকৰী সভাপতি ডাঃ হৰেন শইকীয়া, উপ সভাপতি – জগত শইকীয়া, মহেশ্বৰ বৰা, ৰঞ্জিত বৰঠাকুৰ আৰু প্ৰদ্যুম্ন হাজৰিকা, প্ৰধান সম্পাদক – ৰঞ্জন কুমাৰ দাস আৰু প্ৰেশৱ কলিতা, সহযোগী সম্পাদক – চাৰু কমল নেওগ আৰু হিৰণ্য হাজৰিকা। উল্লেখ্য যোগ্য যে সভাখনতে জামুগুৰি সাহিত্য সন্মিলনীৰ আগন্তুক ২০২১-২৩ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয়। ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট সাহিত্যিক মহেশ্বৰ বৰা, হেম বৰুৱা, ভীমলাল শৰ্মা আৰু দাদুল বৰকাকতিক উপদেষ্টা হিচাপে লৈ গঠন কৰা জামুগুৰি সাহিত্য সন্মিলনীৰ নতুন সমিতিখন ক্ৰমে সভাপতি – ৰঞ্জিত বৰঠাকুৰ, কাৰ্যকৰী সভাপতি – প্ৰদ্যুম্ন হাজৰিকা, উপ সভাপতি – ৰঞ্জন কুমাৰ দাস, জয়ন্ত ভূঞা, প্ৰধান সম্পাদক – প্ৰেশৱ কলিতা, সম্পাদক – প্ৰৱাল নেওগ, হিৰণ্য হাজৰিকা, গ্ৰন্থ আৰু আলোচনী সম্পাদক – দুলমণি নাথ, সাংস্কৃতিক সম্পাদক – স্বৰাজ কটকী, কৰ্পূৰ মঞ্জুৰী তালুকদাৰ, প্ৰচাৰ সম্পাদক – জোন মণি বৰা,  সাংগঠনিক সম্পাদক – নীহাৰ ৰঞ্জন ভূঞা আৰু কৰৱী শইকীয়া। স্মৰণযোগ্য যে সভাৰ প্ৰাৰম্ভিকতে অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ৰঞ্জিত বৰঠাকুৰক উষ্ণ আদৰণি আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সন্মিলনীৰ জামুগুৰি আঞ্চলিক সমিতিখনে জামুগুৰিহাটৰ সাহিত্য -সংস্কৃতিৰ ক্ষেত্রত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে কেন্দ্রীয় সমিতিৰ প্ৰধান সম্পাদক তথা উপস্থিত সাহিত্যানুৰাগী ৰাইজে।

Leave A Reply