Breaking

অসমীয়া-মিচিং ভাষাৰ দ্বি-ভাষিক ই আলোচনী ‘দকচিৰি’ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

0 144

অসমীয়া আৰু মিচিং ভাষাৰ  জনপ্ৰিয় দ্বিভাষিক ই আলোচনী দকচিৰিৰ সোমবাৰে দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান  ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত অনুষ্ঠিত কৰা হয়৷

এই উপলক্ষে দকচিৰি কবিতা পাঠ অনুষ্ঠানৰো আয়োজন কৰা হয়৷ মিচিং ভাষাৰ লেখক গোবিন নৰহে সভাপতিত্বত কবিতা পাঠৰ অনুষ্ঠানটো  সঞ্চালনা কৰে লেখক তথা মিচিং আগম কৗবাঙৰ উপ সভাপতি কালিনাথ পাংগিঙে ৷

বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি  দকচিৰি গোষ্ঠীয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা  মিচিং আৰু অসমীয়া ভাষাৰ মুকলি কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্ত কবি সকলক মিচিং অৗৰকক, বঁটা, সন্মান পত্ৰৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়।

পুৰস্কাৰ সমূহৰ দাতা আছিল সোৱণশিৰি গাঁও পঞ্চায়তৰ সভাপতি খনিন্দ্ৰ মেদক৷ মিচিং ভাষাৰ কবিতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে যোৰহাট জিলাৰ তিয়কৰ যুৱ কবি যতীন মিলি, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ঢকুৱাখনাৰ মেঘালি মেদক দলে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে মাজুলীৰ দিগেন টাইদে।

অসমীয়া ভাষাৰ কবিতা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে গুৱাহাটীৰ ইলামনি শইকীয়া, দ্বিতীয় পুৰস্কাৰ লাভ কৰে কাটাৰৰ হৱাহিদ আহমেদ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে গোলাঘাটৰ সীমাশ্ৰী দত্তই৷ পুৰস্কাৰ সমূহৰ দাতা আছিল শিক্ষক ভৱ দলে৷ 

বৰ্ষপূৰ্তি অনুষ্ঠানৰ উপলক্ষে দকচিৰিৰ জুলাই সংখ্যাটি অনলাইনত মুকলি কৰে মিচিং আগম কৗবাঙৰ সহকাৰী সাধাৰণ সম্পাদক ড° সুৰজিত দলেয়ে ।

দকচিৰি ই আলোচনী সম্পৰ্কে উদ্দেশ্য ব্যাখ্যা কৰে দকচিৰিৰ সম্পাদক তপন লাল মেদকে ৷ উল্লেখনীয় যে দকচিৰি ই আলোচনীৰ পাঠকৰ সংখ্যা বৰ্তমানলৈকে তিনি লাখ ৷ 

Leave A Reply