Breaking

বোকাখাত মহকুমা কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক ফটিক বৰাৰ বৰোধানৰ পথাৰ পৰিদৰ্শন

0 79

বোকাখাত মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মহুৰামুখৰ উত্তৰ অংশৰ বৰো ধানৰ পথাৰ সমুহ পৰিদৰ্শন কৰি সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় বোকাখাত মহকুমা কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক ফটিক বৰাই৷

উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বংকোৱালত বৰো ধানৰ পথাৰ পৰিদৰ্শন কৰাৰ উপৰি কৃষকৰ সৈতে মত বিনিময় কৰে বৰাই।গেঁৰ ধৰা বৰো ধানৰ পথাৰ সমূহত মজা পোকে আক্ৰমন কৰাৰ ফলত অঞ্চলটোৰ কৃষকসকল ক্ষতিগ্ৰস্ত হোৱাৰ খৱৰ পাই সহকাৰী পৰিদৰ্শক গৰাকীয়ে আজি পৰিদৰ্শন কৰে পথাৰ সমুহ।

মহকুমা কৃষি বিভাগৰ পৰিদৰ্শক গৰাকীক পথাৰ পৰিদৰ্শন কৰা সময়ত সংগ দিয়ে সমাজকর্মী লুচন মৰাং ,স্থানীয় কৃষক পুনেশ্বৰ লইং, বাবুকান্ত দাৱ আদিয়ে।

Leave A Reply