Breaking

পাকিস্তানত ভয়ংকৰ বিমান দুৰ্ঘটনাত ৯৭ জনৰ মৃত্যু

0 43

কৰাচী

পাকিস্তানত ভয়াৱহ বিমান দুৰ্ঘটনা ৷ প্ৰাণ গ’ল ৯৭ জনৰ ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰিল দুজন ৷ পাকিস্তান আন্তঃৰাষ্ট্ৰীয় এয়াৰলাইনছৰ A320 এয়াৰবাছ বিমানখন কৰাচীৰ জিন্নাহ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ এটা আবাসিক এলেকাত দুৰ্ঘটনাত পতিত হয় ৷ বিমানখনত মুঠ ৯৯ গৰাকী যাত্ৰী আছিল ৷ ইয়াৰে ৩১ গৰাকী মহিলা, শিশুৰ সংখ্যা ৯ আৰু ৮ গৰাকী আছিল বিমাখনৰ ক্ৰিউ ৷ শুকুৰবাৰে নিশা সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাতো ৷ আবাসিক এলেকাত বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বহুলোক আহত হোৱাৰ লগতে কেবাটাও বাসগৃহৰ ক্ষতিসাধন হয় ৷ সিন্ধ স্বাস্থ্য মন্ত্ৰী আজৰা পেছুহুয়ে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, লাহোৰৰ পৰা কৰাচী অভিমুখী বিমানখন অৱতৰণৰ কেইমিনিটমান আগেয়ে দুৰ্ঘটনাত পতিত হৈ জিন্নাহ হাউছিং ছ’চাইটিত পৰে ৷ ছাকিল আহমেদ নামৰ এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে, বিমানখনে প্ৰথমে এটা ম’বাইল টাৱাৰত খুন্দা মাৰে আৰু আবাসিক এলেকাটোত সৰি পৰে ৷ মন কৰিবলগীয়া যে, এই আবাসিক এলেকাটোৰ অধিকাংশ বাসিন্দা ১৯৪৭ ৰ বিভাজনৰ সময়ত ভাৰতৰ পৰা যোৱা ৷  মহামাৰী কৰোনা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বৰ লগতে পাকিস্তানতো বৰ্তমান জৰুৰীকালীন অৱস্থা ৷ তাৰ মাজতে এই দুৰ্ঘটনাত আবাসিক এলেকাটোৰ ২৫-৩০ টা বাসগৃহ ধ্বংস হোৱাৰ লগতে ১২ জন অতি গুৰুতৰভাৱে আহত হৈছে ৷ এই তথ্য সিন্ধ স্বাস্থ্য মন্ত্ৰণালয়ৰ ৷ ইপিনে এই ভয়ংকৰ দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে দুজনৰ ৷ ইয়াৰে এজন পাকিস্তানৰ বেংক অৱ পঞ্জাবৰ অধ্যক্ষ জাফৰ মাছুদ আৰু আনজন অভিযন্তা মহম্মদ জুবেইৰ ৷ আহত দুয়োজনেই বৰ্তমান সংকটমুক্ত বুলি সিন্ধ স্বাস্থ্য মন্ত্ৰীৰ প্ৰতিবেদনত প্ৰকাশ ৷ আনহাতে এই দুৰ্ঘটনাৰ কাৰণ এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও অৱতৰণৰ সময়ত এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ ব্যৱস্থাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ সন্দেহ কৰা হৈছে ৷ ঘটনাৰ তদন্তৰ বাবে চাৰিজনীয়া সদস্যৰ তদন্ত সমিতি ইতিমধ্যে গঠন কৰিছে ৷ এই ঘটনাৰ সমগ্ৰ দৃশ্য এটা চিচিটিভি কেমেৰাত বন্দী হৈছে ৷ দুৰ্ঘটনাৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আন এক তথ্য মতে, শুকুৰবাৰে নিশা ২.৪৫ বজাত সংঘটিত হয় ভয়াৱহ বিমান দুৰ্ঘটনাতো ৷ পাকিস্তানৰ সময় অনুসৰি নিশা ১.০৫ বজাত লাহোৰৰ পৰা উৰা মাৰিছিল বিমানখন ৷ ২.৩৪ বজাত ভূপৃষ্ঠৰ পৰা ২৭৫ ফুট উচ্চতাৰ পৰা বিমানখনে অৱতৰণৰ প্ৰয়াস কৰে ৷ ইয়াৰ পাছত বিমানখনে পুনৰ ৩,১৭৫ ফুট উচ্চতালৈ উৰা মাৰে ৷ ২.৪০ বজাত ৫২৫ ফুট উচ্চতাত থাকোতে বিমানখনৰে সংযোগ বিচ্ছিন্ন হয় বুলি পাক্ ফ্লাইট ৰাডাৰৰ তথ্যত প্ৰকাশ ৷ তদুপৰি দেশখনৰ এভিয়েশ্যন মণিটৰিং ৱেবছাইট liveatc.netৰ ৰেকৰ্ডিঙত বিমানখনৰ পাইলটে দুৰ্ঘটনাৰ প্ৰাকমুহূৰ্তত ট্ৰেফিক নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ কৰি দুয়োটা ইঞ্জিন বিকল হোৱাৰ তথ্য দিয়াতো ধৰা পৰে ৷ এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ আত্মাৰ সদগতি কামনা কৰি দুখ প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ পৱিত্ৰ ৰমজান মাহৰ ঈদৰ সময়ত এই ঘটনাত প্ৰতিবেশী ৰাষ্ট্ৰখন শোকস্তব্ধ হৈ পৰিছে ৷ উল্লেখ্য, চাৰি বছৰ আগেয়ে পাকিস্তানত ২০১৬ চনৰ ৭ ডিচেম্বৰত PIA ATR-42 এয়াৰক্ৰাফ্টখন চিট্ৰালৰ পৰা ইছলামাবাদ অভিমুখে যাত্ৰা কৰোতে আদবাটতে দুৰ্ঘটনাত পতিত হৈ বিমানখনৰ ৪৮ জন যাত্ৰী আৰু ক্ৰিউ সদস্যসকলৰ মৃত্যু হৈছিল ৷

Leave A Reply