Breaking

ঠেলামৰাৰ নাহৰবাৰীত ভুৱা জন্মৰ প্ৰমাণপত্ৰক কেন্দ্ৰ কৰি ৰাইজৰ মাজত হাহাকাৰ…

0 55

ঠেলামৰাৰ নাহৰবাৰীত ভুৱা জন্মৰ প্ৰমাণপত্ৰক কেন্দ্ৰ কৰি ৰাইজৰ মাজত হাহাঁকাৰ৷।
।।হাতে হাতে ভুৱা জন্মৰ প্ৰমাণপত্ৰ লৈ উচিত ন্যায় বিছাৰি ঠেলামৰা আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ।।

শোণিতপুৰ জিলাৰ ঠেলামৰাৰ নাহৰবাৰীত ভুৱা জন্মৰ প্ৰমাণপত্ৰক কেন্দ্ৰ কৰি ৰাইজৰ মাজত হাহাঁকাৰ ৷ হাতে হাতে ভুৱা জন্মৰ প্ৰমাণপত্ৰ লৈ একাংশ পুৰুষ-মহিলাই উচিত ন্যায় বিছাৰি ঠেলামৰা আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। অভিযোগ অনুসৰি ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত নাহৰবাৰী, গড়মৰা, কেহেৰুখণ্ডা গাওঁ পঞ্চায়তৰ অধীনৰ কেইবাখনো গাৱঁৰ লোকে নিজৰ লৰা ছোৱালীৰ জন্মৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিছিল ঠেলামৰাৰ নাহৰবাৰী নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত৷ আশা কৰ্মী সৰলা কোচে যোগান ধৰিছিল এই সমূহ জন্মৰ প্ৰমাণপত্ৰ৷ সেই সময়ত চিকিৎসা কেন্দ্ৰটোত চিকিৎসক হিচাপে নিয়োজিত আছিল ডা. প্ৰাঞ্জল বৰা৷ এই গৰাকী চিকিৎসকে ধনৰ বিনিময়ত ভুৱা জন্ম প্ৰমাণপত্ৰ যোগান ধৰা বুলি স্হানীয় লোক সকলে অভিযোগ উথাপন কৰি কয় যে, ডা. প্ৰাঞ্জল বৰাই দীৰ্ঘদিনৰ পৰাই অঞ্চলটোৰ আশা কৰ্মী সৰলা কোচৰ সহযোগত স্বাস্থ্যকেন্দ্ৰটোত জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ নামত চলাই আহিছিল লুণ্ঠনৰাজ।

ভুৱা প্ৰমাণপত্ৰ দি ৰাইজক ঠগি আহিছিল এইগৰকী চিকিৎসক প্ৰাঞ্জল বৰাই৷ এইখন জন্মৰ প্ৰমাণপত্ৰ লৈ নিজৰ ল’ৰা ছোৱালীৰ বিভিন্ন কামকাজ কৰিবলৈ যাওঁতেই ওলাই পৰিল জোলোঙাৰ মেকুৰী। চিকিৎসাকেন্দ্ৰটোৱে যোগান ধৰা জন্মৰ প্ৰমাণপত্ৰ সমূহ ভুৱা বুলি প্ৰমাণিত হোৱাত সম্পূৰ্ণ ঘটনা পোহৰলৈ আহিছে৷ আনকি প্ৰদান কৰা জন্মৰ প্ৰমাণপত্ৰৰ নাম ঠিকনা তথা ক্ৰমিক নম্বৰ পঞ্জীয়ন নাই স্বাস্থ্যকেন্দ্ৰটোত৷ অভিযোগ অনুসৰি এই জন্মৰ প্ৰমাণপত্ৰৰ বাবে লোক সকলৰ ঘৰলৈ গৈ কাগজপত্ৰ আৰু প্ৰতিখন জন্ম প্ৰমানপত্ৰৰ নামত দুই তিনিহাজাৰ কৈ টকা সংগ্ৰহ কৰিছিল আশা কৰ্মী সৰলা কোচে৷ সহজ সৰলতাৰ সুযোগ লৈ ধনৰ বিনিময়ত প্ৰায় দুই সহস্ৰাধিক লোকক এনে ভুৱা প্ৰমাণপত্ৰ অঞ্চলটোত যোগান ধৰা বুলি অভিযোগ কৰে স্হানীয় লোক সকলে।

বৰ্তমান বিহগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ বদলি হৈ যোৱা চিকিৎসক ডা. প্ৰাঞ্জল বৰাই বিহগুৰিটো ইতিমধ্যে এই ভুৱা জন্মৰ প্ৰমাণপত্ৰৰ ব্যৱসায়টো আৰাম্ভ কৰিছে বুলি অযিযোগ কৰে লোক সকলে। এই ঘটনাক কেন্দ্ৰ কৰি ভুক্তভোগী লোক সকলে উচিত ন্যায় বিচাৰি ঠেলামৰা আৰক্ষী থানাত ডা. প্ৰাঞ্জল বৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি অতি শীঘ্ৰে এই গৰাকী চিকিৎসক আৰু আশা কৰ্মী সৰলা কোচক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগত সংঘটিত হোৱা এনে কৰ্মকাণ্ডই চৰকাৰৰ শূন্য সহনশীলতাক যে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰিছে ই নিশ্চিত। ৰাইজৰ অভিযোগৰ ভিত্তিত এই গৰাকী চিকিৎসক ডা. প্ৰাঞ্জল বৰাৰ ওপৰত উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী ৰাইজে।

শৈলৱ কুমাৰ ভট্টাচাৰ্য্য,
9577276260

Leave A Reply