Breaking

সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠকত প্ৰয়াত দেৱেন দত্তৰ স্মৃতিচাৰণ…

0 41

সাতগাঁও শাখা সাহিত্য সভাৰ চলিত মাহৰ মাহেকীয়া বৈঠক “সাহিত্য চৰা”ৰ সৈতে সংগতি ৰাখি বৃহত্তৰ সাতগাঁও অঞ্চলক বিশেষ ভাৱে প্ৰতিনিধিত্ব কৰা সামাজিক অনুষ্ঠান সাতগাঁও লাচিত পুথিভঁৰালৰ সহযোগত সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকাৰ সভাপতিত্বত আজি প্ৰয়াত সাহিত্যিক, শিক্ষাবিদ দেবেন দত্তৰ এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে সাতগাঁও শাখা সাহিত্য সভাৰ সম্পাদক উৎপল শইকীয়াই স্বৰ্ণ শাখাৰ মৰ্য্যদা লাভ কৰিবলৈ উপনীত হোৱা সাতগাঁও শাখা সাহিত্য সভাৰ নতুনকৈ আজীৱন সদস্য লাভ কৰা সদস্য সকলক স্বাগতম জনোৱাৰ লগতে ন পুৰণি সদস্য সকলৰ সৈতে চিনাকী কৰাই দিয়ে। অনুষ্ঠানত সাতগাঁও শাখা সাহিত্য সভাৰ উপদেষ্টা অনিল চৌধুৰীয়ে প্ৰয়াত দেবেন দত্তৰ জীৱন আৰু কৰ্মৰাজিৰ মূল্যায়ন দাঙি ধৰাৰ লগতে দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ডিম্পুল চুতীয়াই সংবাদ ক্ষেত্ৰ খনত প্ৰয়াত দেবেন দত্ত ছাৰৰ সান্নিধ্য আৰু অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে অসমীয়া ভাষাৰ শুদ্ধতাৰ বাবে সাংবাদিক সকলৰ মাজতো প্ৰয়াত নমস্য ব্যক্তিগৰাকীযে একক ভাবে গ্ৰহণ কৰি অহা প্ৰদক্ষেপ আৰু সংগ্ৰাম খনৰ কথা সোঁৱৰণ কৰে।

তেওঁ কয় যে প্ৰয়াত দেবেন দত্ত ছাৰ যিদৰে সাংবাদিক সকলৰ মাজত মৰম আৰু শ্ৰদ্ধাৰ আছিল, সেইদৰে বহুতৰ বাবে মুৰৰ কামোৰণি আছিল আৰু বহু সময়ত তেওঁ কৰা আমনিও সহ্য কৰিব লগীয়া হৈছিল। কাৰণ ছাৰে দৈনিক পুৱাই বাতৰি কাকতখন চোৱাৰ পিছত কাকতখনত লক্ষ্য কৰা ভুল বোৰ শুধৰাই দিব পৰাকৈ বাতৰি কাকতৰ কাৰ্যালয়লৈ পুৱাই বা সন্ধিয়া ৭-৮ মান বজাত ফোন কৰিছিল আৰু বহু সময় ধৰি অনিচ্ছা সত্ত্বেও ফোনত কথা পাতিব লগীয়া হৈছিল। যিটো সময় সংবাদ পত্ৰৰ যিকোনো সাংবাদিকৰ বাবে যথেষ্ট ব্যস্ত সময় হিচাপে পৰিগণিত হয়। অনুষ্ঠানত প্ৰয়াত দেবেন দত্তক স্মৃতিচাৰণ কৰি সাতগাঁও শাখা সাহিত্য সভাৰ সদস্যা তথা লেখিকা অঞ্জলি ডেকাই (দাস) এক চমু বক্তব্য দাঙি ধৰাৰ লগতে ” যুগান্তৰৰ এক গভীৰ প্ৰণয় ” শীৰ্ষক কবিতাটি পাঠ কৰে। অনুষ্ঠানত সু সাহিত্যিক তথা নাট্যকৰ্মী প্ৰফুল্ল বৰ্মণেও বৰেণ্য ব্যক্তি জনৰ সান্নিধ্য আৰু তেওঁৰ সৈতে হোৱা অভিজ্ঞতাৰ বিষয়ে বৰ্ননা কৰে। আজিৰ এই অনুষ্ঠানতে সাতগাঁও লাচিত পুথিভঁৰালৰ উদ্যোগত সাতগাঁও বাসিন্দা তথা সাহিত্য আৰু সামাজিক দিশৰ নেতৃস্থানীয় ব্যক্তি তথা শেহতীয়াভাবে ৰাজ্যিক কৃতি শিক্ষক বঁটা লাভ কৰা আমসং চাহ বাগান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীক সম্বৰ্ধনা জনোৱা হয়।

গোস্বামীক পিতলৰ শৰাই, ফুলাম গামোচা আৰু সম্বৰ্ধনা প্ৰ পত্ৰ প্ৰদান কৰা হয়। সম্বৰ্ধনা পত্ৰ পাঠ কৰে সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি তথা সাতগাঁও শাখা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি ভবেন চন্দ্ৰ দাসে। ভাষণ প্ৰসঙ্গত গোস্বামীয়ে নিজৰ কৰ্মময় জীৱনৰ বিভিন্ন দিশ সমূহৰ লগতে কৃতি শিক্ষক বটা প্ৰাপ্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া প্ৰদক্ষেপ সমূহৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। অনুষ্ঠানত সাতগাঁও শাখা সাহিত্য সভাৰ আজীৱন সদস্য বিপিন কলিতা, তুলতুল কুমাৰ দাস, হৰেশ্বৰ গোস্বামী আৰু সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকাই স্বৰচিত কবিতা পাঠ কৰে। জাতীয় সংগীতৰে শাখাৰ কাৰ্যসূচী সম্পূৰ্ণ কৰা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই শাখাৰ সম্পাদক সাংবাদিক উৎপল শইকীয়াই।

Leave A Reply