Breaking

জনতা ভৱনত কৃষি, উদ্যান শস্য বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মন্ত্ৰী অতুল বৰা

0 82

অসমৰ অৰ্থনীতি মুখ্যতঃ কৃষি আৰু আনুষঙ্গিক খণ্ডৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে ৰাজ্যখনৰ অৰ্থনৈতিক গতি ত্বৰান্বিত কৰিবলৈ হ’লে এই খণ্ডক টনকিয়াল কৰাটো অত্যন্ত প্ৰয়োজনীয়। মঙলবাৰে জনতা ভৱনত কৃষি, উদ্যানশস্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা৷

বৈঠকত চৰকাৰৰ বিভিন্ন আঁচনি তথা নীতিৰ ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাকে ধৰি বিভিন্ন কল্যাণকামী আঁচনিৰ ৰূপায়ণৰ সাম্প্ৰতিক স্থিতি, বীজ আৰু কৃষি সম্পৰ্কীয় যন্ত্ৰৰ বিতৰণ, সাৰৰ উপলব্ধতা আদি গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰে।

কৃষকসকলে উৎপাদন বৃদ্ধিৰ বাবে যাতে বৈজ্ঞানিক পদ্ধতি আৰু আধুনিক সা-সঁজুলি অৱলম্বন কৰে, তাৰ বাবে তেওঁলোকক উৎসাহিত কৰাত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি জানিবলৈ দিয়ে। উপৰোক্ত সকলো কাম-কাজ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে যাতে হিতাধিকাৰীসকলে আঁচনিসমূহৰ সুফল লাভ কৰে। তদুপৰি, এই বৈঠকতে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF)ৰ অধীনস্থ ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহৰ অগ্ৰগতিৰো বুজ লই মন্ত্ৰী অতুল বৰাই।

বৈঠকত অসমত উদ্যানশস্য খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ বিভিন্ন দিশৰ অন্বেষণ কৰাৰ লগতে যুৱক-যুৱতীসকলে যাতে এই দ্ৰুত প্ৰগতিশীল তথা অত্যন্ত সম্ভাৱনাময় খণ্ডটোৰ প্ৰতি অধিক আকৰ্ষিত হ’ব পাৰে, সেই সন্দৰ্ভত চিন্তা-চৰ্চা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

এই বৈঠকত উপস্থিত থাকে কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস ভূটানী, ARIAS ছ’চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আকাশ দীপ, কৃষি বিভাগৰ সচিব এছ আৰ বৰ্ধন, অতিৰিক্ত সচিবদ্বয় দীপশিখা দে’, তেজ প্ৰসাদ ভূষাল, যুটীয়া সচিব গুণজিৎ কাশ্যপ, উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা আৰু অন্যান্য বিষয়াসকল।

Leave A Reply