Breaking

লেখক, চলচিত্ৰ কৰ্মী ভূৱন লহকৰক “পৰাগজ্যোতি প্ৰকাশন”ৰ সম্বৰ্দ্ধনা..

0 82

আজি বি বৰুবা মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, “প্ৰিয়জন”, “সন্ধ্যাৰাগ”, “অনিৰ্বাণ” আদি চলচিত্ৰৰ কৰ্মী, বিশিষ্ট লেখক ভূৱন লহকৰক “পৰাগজ্যোতি প্ৰকাশন” ৰ পৰা নিজ বাসভৱন গুৱাহাটী মহানগৰৰ চান্দমাৰীস্থিত বাসভৱনত ফুলাম গামোছা, স্মাৰক, গ্ৰন্থৰে সম্বৰ্দ্ধনা জনায় ।

প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আত ধৰা সভাত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক, ‘সাহিত্য কোৱৰ’ কমল কলিতাই কয়– “প্ৰচাৰ বিমুখ সাহিত্য সাধক, বিভিন্ন চলচিত্ৰৰ স’তে জড়িত আছিল ভূৱন লহকৰ । সমাজত একাংশ লোকে বৰ নিৰৱে কাম কৰি থাকে । তেখেত সকলে ৰজাঘৰীয়াৰ দৃষ্টিত নপৰে ।

নিৰৱ সাধক সকলক ৰজাঘৰীয়াই চিনি পুৰস্কৃত কৰিব লাগে ।” ভূৱন লহকৰে সম্বৰ্দ্ধনা লৈ পৰাগজ্যোতি প্ৰকাশনৰ প্ৰচেষ্টাৰ শলাগ লয় ।

Leave A Reply