Breaking

বিলাসীপাৰা বলিৰচৰত বাল্যবিবাহৰ সন্দৰ্ভত সজাগতা সভা

0 103

বিলাসী পাৰা সদৰ থানাৰ অধীনত নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত বলিৰচৰ হাইস্কুল প্ৰাঙ্গণত দেওবাৰে বিয়লি ২বজাত বাল্যবিবাহ আৰু শিক্ষা সজাগতা সভা অনুষ্ঠিত হৈ যায়৷

উক্ত সভাৰ আয়োজন কৰে স্থানীয় শিক্ষক আৰু গাওঁৰক্ষী বাহিনীয়ে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বলিৰচৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক হাকিম উদদিনে৷ সভা পৰিচালনা কৰে আলহাজ আবুল হুছেইনে৷

শিক্ষা সজাগতা আৰু বাল্য বিবাহ সম্পৰ্কে আইনগত দিশৰ কথা বিশদ ব্যাখ্যা কৰে শিক্ষক মহামমদ আলীয়ে৷ সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে নায়েৰ আলগা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হবিবুৰ ৰহমান৷

প্ৰশাসনৰ দিশত অতি কটকটীয়া তথা আইনৰ দৃষ্টিত কোনেও সাৰিযাব নোৱাৰিব বুলি সজাগ কৰে৷

সভাত শিক্ষাৰ্থী লগতে ভালে সংখ্যক ৰাইজৰ উপৰিও পঞ্চায়ত কৰ্মী ছপিয়ৰ ৰহমান মণ্ডল, শিক্ষক দানেজ আলী, অমৰ আলী উপস্থিত থাকে।

Leave A Reply