Breaking

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে আজি গুৱাহাটীত সজাগতা অনুষ্ঠান

0 2,046

কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন বিভাগৰ উদ্যোগত আৰু বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত ১৮ জানুৱাৰীৰ পৰা মাহযোৰা কাৰ্যসূচীৰে চলি আছে  “ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ” । আনহাতে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মহানগৰ জিলাৰ  বিভিন্ন প্ৰান্তত চলি আছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সজাগতামূলক কাৰ্যসূচী । সমিতিৰ সদস্য-সচিব আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে মাহয়োৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৬ ফেব্ৰুৱাৰীত গুৱাহাটীত পথ সুৰক্ষা বিষয়ক এক সজাগতা মূলক ৱাকাথান অনুষ্ঠিত হব । পুৱা ৯ বজাৰ পাছতে সৰুসজাই ষ্টেডিয়ামৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ ৰোডেৰে বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়লৈ আহিবলগীয়া ৱাকাথান পতাকা জোকাৰি শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । তাৰ পাছত জিলা পৰিবহন কাৰ্যালয় চৌহদত হোণ্ডা মটৰ কোম্পানীৰ উদ্যোগত স্থাপন কৰিব লগীয়া দুচকীয়া বাহনৰ  শিকাৰু চালকৰ সুৰক্ষামূলক প্ৰশিক্ষণ বিদ্যালয়ৰ মুকলি কৰিব পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । তাৰপাছত এখন পথ সুৰক্ষা সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হব । অনুষ্ঠানত পৰিবহন মন্ত্ৰীৰ উপৰিও পৰিবহন আয়ুক্তসহ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকিব ।

Leave A Reply