Breaking

বি বৰুৱা কলেজত দানবীৰ ভোলানাথ বৰুৱাৰ মৃত্যু শতবার্ষিকী উদযাপন

0 63

সদাগৰ তথা দানবীৰ ভোলানাথ বৰুৱাৰ মৃত্যু শতবার্ষিকী মঙলবাৰে দিন জোৰা কাৰ্যসূচীৰে বি বৰুৱা মহাবিদ্যালয়ত উদযাপন কৰা হয়। কলেজ চৌহদত পুৱা বৃক্ষ ৰোপণ কাৰ্যসূচীৰে পাতনি মেলা মৃত্যু শতবার্ষিকী অনুষ্ঠানৰে ৰজিতা খুৱাই বি বৰুৱা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত মহাবিদ্যালয় চৌহদত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়।

প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি তথা মহাবিদ্যালয়খনৰ অৱসৰী শিক্ষক অধ্যাপক জগদীশ গোস্বামীয়ে উদ্বোধন কৰা এই ৰক্ত দান শিবিৰত উপস্থিত থাকি মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° সত্যেন্দ্ৰনাথ বৰ্মন, অসম তথ্য আয়োগৰ আয়ুক্ত ড° সমুদ্র গুপ্ত কাশ্যপ, গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ ড° ৰত্না সিঙে ভোলানাথ বৰুৱাই আগবঢ়াই থৈ যোৱা অৱদানৰ কথা স্মৰণ কৰে।

অধ্যাপক ড° বিজয় গোস্বামীয়ে আত ধৰা অনুষ্ঠানটিত মহাবিদ্যালয় খনৰ ভালেসংখ্যক প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থীয়ে ৰক্তদান কৰে।

ইয়াৰ পিছতে মহাবিদ্যালয় খনৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অধ্যক্ষ ড° সত্যেন্দ্রনাথ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হয় এক স্মৃতিচাৰণ অনুষ্ঠানৰ। এই অনুষ্ঠানত “সদাগৰ ভোলানাথ বৰুৱা আৰু অসমত উদ্যমিতা চৰ্চাৰ প্ৰয়োজনীয়তা” শীর্ষক এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে ৰাজ্যিক তথ্য আয়ুক্ত ড° সমুদ্র গুপ্ত কাশ্যপে।

অসমৰ উদ্যমিতাৰ ক্ষেত্র খনৰ ইতিহাস আৰু বৰ্তমানৰ ওপৰত গৱেষণা লব্ধ তথ্য সমৃদ্ধ বক্তৃতাটি বি বৰুৱা মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰি উলিয়াব বুলি মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° বৰ্মনে সভাত অৱগত কৰে। বক্তৃতা অনুষ্ঠানৰ পূৰ্বে ভোলানাথ বৰুৱাৰ আজোনাতি শশীকান্ত বৰুৱা আৰু কৃষ্ণ কান্ত বৰুৱা, সমাজ সেৱী অজয় দত্তকে ধৰি বিশিষ্ট ব্যক্তি সকলে ভোলানাথ বৰুৱাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে।


এই স্মৃতিচাৰণ অনুষ্ঠানতে ভোলানাথ বৰুৱাৰ জীৱনগাঁথা শীৰ্ষক অধ্যাপিক গীতাশ্ৰী তামূলীয়ে প্ৰস্তুত কৰা গ্ৰন্হখনো উন্মোচন কৰা হয়।

Leave A Reply