Breaking

১০ বছৰে মুকলি নহ’ল বকোৰ বদলা উপ-স্বাস্থ্য কেন্দ্ৰ ৷

0 130

সোণতলী

 বকো সমষ্টিৰ অন্তৰ্গত বদলাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ প্ৰায় ১০ বছৰে ৰাইজৰ বাবে মুকলি নোহোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ অঞ্চলৰ চিকিৎসাৰ সুবিধাৰ্থে স্বাস্থ্য বিভাগে নিৰ্মাণ কৰা বদলা উপ-স্বাস্থ্য কেন্দ্ৰটো অদ্যাপি মুকলি নোহোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ জানিব পৰামতে দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত অতিকৈ পিচপৰা তথা দুৰ্গম বদলা, বদলা পথাৰ, ৩নং দক্ষিণ ৰাংগাপানী, ১নং টুপামাৰী, টিয়াপাৰা আদি অঞ্চলৰ বৃহৎসংখ্যক ৰাইজৰ চিকিৎসাৰ সুবিধাৰ্থে বিগত প্ৰায় দহ বছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰি যথাসময়ত আটকধুনীয়াকৈ উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণকাৰ্যও সম্পূৰ্ণ কৰা হয়৷ কিন্তু বিগত প্ৰায় দহ বছৰে ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা নহ’ল বদলা উপ-স্বাস্থ্য কেন্দ্ৰটো৷ বিগত দহ বছৰে উপৰিউক্ত উপ-স্বাস্থ্য কেন্দ্ৰটো দুৰ্গম অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ বাবে মুকলি নোহোৱাত সম্প্ৰতি চিকিৎসালয়খনৰ দৰ্জা-খিৰিকীবোৰ জহি-খহি গৈছে৷ উপ-স্বাস্থ্য কেন্দ্ৰৰ অন্য মূল্যৱান সামগ্ৰীসমূহো নষ্ট হ’বলৈ ধৰিছে৷ বিগত বছৰবোৰত উপৰিউক্ত উপ-স্বাস্থ্য কেন্দ্ৰটো সৰ্বসাধাৰণ ৰাইজৰ বাবে ৰাজ্য চৰকাৰে মুকলিৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত গৃহটো সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰিছে৷ সম্প্ৰতি জহি-খহি যোৱা বদলাৰ উপ-স্বাস্থ্য কেন্দ্ৰটো মেৰামতিৰ জৰিয়তে কাৰ্যক্ষম কৰি চিকিৎসক-কৰ্মচাৰী নিযুক্তিৰ জৰিয়তে অতিশীঘ্ৰে মুকলি কৰিবলৈ ৰাইজে মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভাগীয় মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে৷

Leave A Reply