Breaking

গুৱাহাটীত বন্ধন বেংকৰ নুনমাটি শাখা মুকলি। শাখাৰ দ্বাৰ মুকলি কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক জয়ন্ত বৰুৱাই…

0 49

২০০১ চনত এন জি অ’ হিচাপে আত্মপ্ৰকাশ কৰা বন্ধনে সময়মাফিক ক্ষুদ্ৰ ঋণৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক ধন ধাৰে দিয়া মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰি দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ২০১৫ চনত বেংক হিচাপে পৰিগণিত হোৱাৰ পিছত বন্ধন বেংকে ছয় হেজাৰতকৈ অধিক বেংকিং শাখা আৰু আউটলেটৰ জৰিয়তে ভাৰতৰ ৩৫ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰৰ বিভিন্ন চুকে-কোণে নিজৰ পৰিসেৱা আগবঢ়াবলৈ সক্ষম হৈছে৷ এক শক্তিশালী নেটৱৰ্কৰ জৰিয়তে বেংকটোৱে ৩ কোটিতকৈ অধিক গ্ৰাহকক সেৱা আগবঢ়াই আছে ৷ বন্ধন বেংকে বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ থকা কেইবা নিযুত ভাৰতীয়ক মূলসুঁতিৰ বেংকিং সেৱাৰ সৈতে চামিল কৰাইছে। কামৰূপ মহানগৰীৰ নুনমাটিৰ এম আৰ ডি ৰোডত বন্ধন বেংকৰ অসমৰ ১০৪ নং শাখাটোৰ দ্বাৰ মুকলি কৰা হয়৷ শাখাটো মুকলি কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক জয়ন্ত বৰুৱাই ৷

শাখাটো মুকলি কৰি তেওঁ কয় যে এখন দেশ বা ৰাজ্য উন্নতি হ’বলৈ বেংক সমূহৰ বিশেষ ভূমিকা থাকে। যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি বা চহৰ অৰ্থনৈতিকভাৱে আগ বঢ়োৱাৰ ক্ষেত্ৰত বন্ধন বেংকৰ ভূমিকা অতি প্ৰশংসনীয়। কাৰণ বন্ধন বেংকে উঠি অহা শিক্ষিত যুৱক- যুৱতীসকলক বিশেষ ভাৱে আগবঢ়াই নিয়াৰ লগতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো বিশেষ অৰিহণা যোগায় আহিছে। অনাগত দিনত নুনমাটি শাখাৰ তৰফৰ পৰা এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে। বন্ধন বেংকৰ নুনমাটি শাখাটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে বন্ধন বেংকৰ জোনাল হেড সুৰজিৎ ৰয় চৌধুৰীয়ে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বন্ধন বেংকৰ গুৱাহাটীৰ ক্ষেত্ৰীয় পৰিচালক দেৱদীপ ভৰদ্বাজে কয় যে এইটো আমাৰ অসমৰ ১০৪ নং শাখা ৷ এই শাখাৰ যোগেদি গ্ৰাহকসকলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে উপকৃত হব বুলি মত প্ৰকাশ কৰাৰ লগতে বেংকে ন ন পৰিকল্পনা আগত ৰাখি ৰিজাৰ্ভ বেংকৰ নীতিনিয়ম অনুসৰি কাম কৰি যাব বুলি কয় ৷ অনুষ্ঠানত বন্ধন বেংকৰ গুৱাহাটীৰ ক্লাষ্টাৰ হেড অভয় কুমাৰ ,শাখা পৰিচালক গৌতম সিনহা ,শিলপুখুৰী শাখাৰ শাখা পৰিচালক চন্দন নাথ,সহকাৰী শাখা পৰিচালক মিতালী শইকীয়াৰ লগতে কৰ্মচাৰী বৃন্দও উপস্থিত থাকে৷

Leave A Reply