Breaking

গায়কৰ ৰূপত বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মণ…

0 17

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কেকানকুছিত “কেকানকুছি ৰংজালী সংঘ”ৰ সৌজ্যন্যত কলগছ বগুৱা, ৰছী টনা খেল আদি বিলুপ্তপ্ৰায় খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৭ ব’হাগ ২০ এপ্ৰিল শনিবাৰে দিবা নৈশ কেকানকুছি ট্ৰাইবেল প্ৰাথমিক বিদ্যালয় প্ৰাংগনত কেকানকুছি ৰংজালী সংঘৰ সৌজন্যত প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয়। সভাপতি শুক্লেশ্বৰ মূ্ছাহাৰী, সম্পাদক অজিত বৰো, উপ সভাপতি ব্ৰজেন বৰো, সহ সম্পাদক জিতেন মূচাহৰীয়ে জনোৱা অনুসৰি পৰিৱেশ নিকাকৰণ, মুখ্য দ্বাৰ মুকলি কৰে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভানেত্ৰী ৰিনামণি বড়োয়ে, বিহুৰ পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ স্বৰ্গীয়াৰীয়ে, শ্বহীদ তৰ্পণ কৰে দীনেশ বড়োই, গছপুলি ৰোপণ কৰে হৰুন স্বৰ্গীয়াৰী, বিনন মূ্ছাহাৰী, অনি মুছাহাৰী, ধৰ্মে স্বৰ্গীয়াৰী, কনক স্বৰ্গীয়াৰী, নেপেন বড়ো আৰু ভৱেন স্বৰ্গীয়াৰীয়ে।


চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, খেল ধেমালি প্ৰতিযোগিতা আদি বৰ্ণাঢ্য কাৰ্যসূচীৰ সন্ধিয়া ছয় বজাত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ পিচতে মঞ্চ উদ্ধোধন কৰে বৰপেটা জিলাৰ স্বাস্থ্য বিষয়া মুনিন্দ্ৰ মূ্ছাহাৰীয়ে। সন্ধিয়া ৭ বজাত বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে একক বড়ো নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে গীত পৰিৱেশন কৰাৰ পিছতে স্থানীয় শিল্পী তুবুল বৰ্মনে এটি হিন্দী গীত পৰিৱেশন কৰে। সাংস্কৃতিক সন্ধিয়াত কোকৰাঝাৰৰ জে ছি নাৰ্যাৰী,আৰু চিৰাং জিলাৰ ফাংবিলি বসুমতাৰীয়ে গীত পৰিৱেশন কৰে।

Leave A Reply