Breaking

নাজিৰাত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ

0 57

সমগ্ৰ শিক্ষা, নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত নিপুণ অসমৰ অধীনত নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দেওপানী, বৰুৱা আলি, বৰছিলা, লোণপুৰীয়া, নামতি- আলি, নামতি দ’ল, নামতি চাৰি আলি আৰু বৰাহীবাৰীকে ধৰি আঠটা মণ্ডল সমল কেন্দ্ৰৰ মুঠ ৮৪ গৰাকী শিক্ষক- শিক্ষয়িত্ৰীক নামতি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰথম পৰ্যায়ত ৫ দিনীয়াকৈ প্ৰদান কৰা হৈছে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰশিক্ষণ।

উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত সমল শিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে ব্ৰজ বল্লভ দত্ত, হেমন্ত কুমাৰ ফুকন,অৰূপ দাস আৰু ধীৰাজ চাহুৱে।

৫ দিনীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ কাইলৈ অন্ত পৰিব। সমান্তৰালকৈ নাজিৰাৰ লিগিৰী পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়, হাতীপটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু কেন্দুগুৰী উচ্চ মাধ্যমিক বিদ্যালয়তো চলি আছে এই প্ৰশিক্ষণ কাৰ্যসূচী।


-দিলীপ হাজৰিকা, নাজিৰা

Leave A Reply