মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট আঞ্চলিকৰ অন্তৰ্গত পদ্মপুৰ শাখাৰ উদ্যোগত কুসুমতোলাৰ পদ্মপুৰ নামঘৰ প্ৰাংগণত ভাগৱত পাঠ আৰু এখনি পৰ্যালোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। পুৱাৰ ভাগত পতাকা উত্তোলন কৰে পদ্মপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি ভোলা গোঁহায়ে। ইয়াৰ পিছতেই পদ্মপুৰ গাঁও উন্নয়নৰ ভকতসকলে নাম-প্ৰসংগ কৰে। ভাগৱত পাঠ আৰু ব্যাখ্যাৰ আৰম্ভণিৰ ঠিক আগে আগে ২০২০ বৰ্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষা,দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষ আৰু মূখ্যমন্ত্ৰী বৃত্তি লাভ কৰিবলৈ সক্ষম হোৱা অঞ্চলটোৰ কৃতি বিদ্যাৰ্থীসকলক সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা অনুষ্ঠানৰ আঁত ধৰে পদ্মপুৰ গাঁও উন্নয়ন সমিতিৰ জেষ্ঠ কাৰ্যকৰী সদস্য বীৰেণ কুমাৰ নাথে। ভাগৱত পাঠ আগবঢ়াই চতিয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক নৃপেন শইকীয়াই আৰু ভাগৱত পাঠ কৰে জামুগুৰিহাটৰ বাঁহবৰীয়াৰ সংগী জিতেন ওজাই। এক ভক্তিপ্ৰাণ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি ভোলা গোঁহায়ে।