Breaking

ভাইজানে কেটে জনোৱা জন্মদিনৰ শুভেচ্ছাৰ সঁহাৰি জনালে নে?

0 2,025

তিনি দশকৰো অধিক সময় ধৰি হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁ আধিপত্য বিস্তাৰ কৰি আছে৷ ১২৫ খনতকৈয়ো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে তেওঁ৷ তেওঁ হ’ল বলীউডৰ ছল্লু ভাই খ্যাত ছলমান খান৷ বলীউডৰ ভাই ছলমানে তেওঁ শক্তিভৰা প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰি আহিছে। আজি বলীউড ভাইজানৰ জন্মদিন৷ ছলমানে আজি ৫৬ বছৰ বয়সত ভৰি দিলে৷ পানভেল ফাৰ্ম হাউছত তেওঁৰ ৫৬সংখ্যক জন্মদিনৰ পৰিয়ালৰ কেইজনমান ঘনিষ্ঠলোকৰ সৈতে জন্মদিন উদযাপন কৰিছে ছলমান খানে। ছলমানৰ অসংখ্য গুণমুগ্ধৰ লগতে বলীউড তাৰকাসকলে সামাজিক মাধ্যমত প্ৰশংসাৰে উপচাই পেলাইছে অভিনেতাজনক ৷

পিছপৰি ৰোৱা নাই বলীউডৰ চিকনী চামেলী কেটৰিনা কাঈফো৷ ব্যতিক্ৰমী ৰূপত কেটে ছল্লু ভাইক জনালে জন্মদিনৰ শুভেচ্ছা৷ কেটে তেওঁৰ ইনষ্ট্ৰাগাম একাউণ্টত ছলমানক শুভেচ্ছা জনাই লিখিছে- “@beingsalmankhan জন্মদিনৰ শুভেচ্ছা আপোনালৈ (এটা বগা হৃদয়ৰ ইমোজি) আপোনাৰ সৈতে থকা পোহৰ, প্ৰেম, বুদ্ধিমত্তা আপোনাৰ বাকী জীৱনৰ বাবে আপোনাৰ সৈতে সদায়েই থাকক।” কেটে পোষ্টটোৰ সৈতে ছলমানৰ এখন একৰঙী ফটোও সন্নিৱিষ্ট কৰিছে ৷

উল্লেখ্য যে, কেটৰিনা কাঈফ আৰু ছলমান খান দুয়োজনে তেওঁলোকৰ জন্মদিনত ইজনে সিজনক শুভেচ্ছা জনাবলৈ কোনোবাৰেই পাহৰা নাই৷ যেতিয়া ২০২১চনৰ ১৬ জুলাইত কেটৰিনাৰ বয়স ৩৮ বছৰ হৈছিল, ছলমানে দুয়োৰে এখন ধুনীয়া ফটো পোষ্ট কৰিছিল, আৰু এক শুভেচ্ছা বাৰ্তা লিখিছিল। ইয়াৰ মাজতে, ছলমানৰ এক দুৰ্ঘটনা সংঘটিত হয়। ছলমানক শনিবাৰে নিশা এটা বিষহীন সাপে দংশন কৰিছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু তাত তেওঁক এণ্টি-পইজন বেজি দিয়া হৈছিল। বৰ্তমান ছলমান খান সম্পূৰ্ণ সুস্থ৷

Leave A Reply