Breaking

ভখুৰাদিয়া – ৰংগেশ্বৰী সংযোগী বিধ্বস্ত পথে জীয়াতু ভোগাইছে পথচাৰীক

0 2,006

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ  ভখুৰাদিয়া ৰংগেশ্বৰী সংযোগী পথছোৱাৰে যাতায়তৰ নামত সুদীৰ্ঘ দিন ধৰি ৰাইজ চৰম জমৰ যাতনা ভোগ কৰি অহা পৰিলক্ষিত হৈছে। যাতায়তৰ নামত অঞ্চলটোৰ হাজাৰ হাজাৰ পথচাৰীৰ লগতে ঘোৰাৰ গাড়ী, সৰু বৰ যান বাহনৰ লগতে ই ৰিক্সা চলাচল কৰাৰ ক্ষেত্ৰত বিষম অসুবিধাৰ সৃষ্টি হোৱাৰ পিছতো পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় উৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়িকা নন্দিতা দাস আৰু স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্বাৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।সামান্য বৰষুণ পৰিলেই বোকাময় হৈ যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মে অঞ্চলটোৰ ৰাইজৰ ।পথছোৱা মেৰামতি কৰাৰ বাবে বিভিন্ন মহলক ৰাইজে দাবী জনোৱাৰ পিছতো উল্লেখিত পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত চৰকাৰ জনপ্ৰতিনিধিৰ আশা বাদ দি বিধ্বস্ত পথ  স্থানীয় লোকে হাতে কামে লাগি মেৰামতি কৰা পৰিলক্ষিত হয় ।আজি ৰাতিপুৱাই পথ মেৰামতিৰ বাবে স্থানীয় ই ৰিক্সা সন্থা চালক সকলে ওলাই আহি হাতে হাতে কোৰ, পাচি লৈ ভখুৰাদিয়া – ৰঙ্গেশ্বৰী সংযোগী পথছোৱা মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি তোলে ।শীঘ্ৰে অঞ্চলটোৰ সদাব্যস্ত উক্ত পথছোৱা পকীকৰণ কৰি  যাতায়াতৰ ব্যৱস্থা সুচল কৰি তুলিবলৈ  স্থানীয় ই ৰিক্সা সন্থাৰ সদস্যসকলে চৰকাৰৰ ওচৰত দাবী জনাইছে ।ৰাইজৰ এনে দাবীৰ প্ৰতি কতৃপক্ষই কেনে ধৰণৰ কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হব ।