Breaking

মাজুলীৰ গড়মূৰত ভাৰতী এয়াৰটেলৰ ষ্ট’ৰ মুকলি : উপলব্ধ হ’ব বহু সুবিধা

0 2,034

মাজুলী জিলা সদৰ গড়মূৰত আজি এটা অত্যাধুনিক ভাৰতী এয়াৰটেল ষ্ট’ৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ এই উপলক্ষে আজি পূৱা আয়োজিত এক অনুষ্ঠানত কোম্পানীটোৰ ষ্ট’ৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে শিল্পী ভগৱৎ প্ৰিতম দত্তই ৷ ষ্ট’ৰৰ স্বত্বাধিকাৰী দেৱজিৎ দত্তৰ মাতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হেমপ্ৰভা দত্ত আৰু গড়মূৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্বপ্না কাকতিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে ফিটা কাটি জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰা হয় ৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে গড়মূৰ পীতাম্বৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন নাথ , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰেণুমালা দত্ত , জিলা বিজেপিৰ প্ৰাক্তন সভাপতি দীপক গোস্বামী , অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন দত্তই ৷ ভাৰতী এয়াৰটেলৰ  ক্ষেত্ৰীয় বিক্ৰী প্ৰৱন্ধক নীতিন খাণ্ডেৱাল আৰু ক্ষেত্ৰীয় প্ৰৱন্ধক লক্ষী গগৈ উপস্থিত থাকি এই ষ্ট’ৰৰ জৰিয়তে ৰাইজৰ বাবে উপলব্ধ বিভিন্ন সেৱাৰ দ্বাৰা ৰাইজ উপকৃত হ’ব বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত চিতাদাৰচুক গাওঁৰ কৃষ্টি দলে মিছিং গুমৰাগ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে ৷ এই ষ্ট’ৰৰ জৰিয়তে বিদ্যুতৰ বিলৰ লগতে এয়াৰটেল পেমেন্ট বেংকৰ জৰিয়তে গ্ৰাহক সকল উপকৃত হ’ব বুলি আশা কৰা হৈছে ৷

Leave A Reply