Breaking

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ ভাস্কৰ দাহালৰ!

0 2,059

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ ভাস্কৰ দাহালৰ।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদকৰ মুখপাত্র আছিল ভাস্কৰ দাহাল প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন দাহালৰ।কংগ্ৰেছত পূৰ্বৰ আদৰ্শ নাই, কোটি টকা নিদিলে কংগ্ৰেছত টিকট নাপাই বুলি দাহালৰ বিস্ফোৰক অভিযোগ।বিগত লোকসভা নির্বাচনত টিকট বিচাৰোঁতে টকা বিচৰাৰ অভিযোগ।তেজপুৰ সমষ্টিৰ টিকটৰ বাবদ হৰিশ ৰাৱতে বিচাৰিছিল টকা।একমাত্ৰ টকাৰ বিনিময়ত তেজপুৰত এম জি ভি কে ভানুক টিকট দিছিল।কংগ্ৰেছে বিজেপিক শক্তিশালী কৰি আছে,এজন মুছলমান ব্যক্তিক কিয় বিৰোধী দলপতি বনাব নোৱাৰে বুলি প্ৰশ্ন।দলৰ কোনো নীতি আদৰ্শ নথকাৰ বাবেই কংগ্ৰেছৰ বিধায়ক সকলে দল ত্যাগ কৰিছে।কংগ্ৰেছে গোৰ্খা সকলক অৱহেলা কৰি আহিলে,মণি চুব্বাৰ পাছত কোনো গোৰ্খা লোকক কংগ্ৰেছে টিকট নিদিলে।কংগ্ৰেছত অন্তঃকন্দল চলিছে, টিকট দিয়াৰ নামত অসমৰ তত্বাৱধায়ক সকলে বিচাৰিছিল টকা।

কংগ্ৰেছত নিমিলা অংক বেছি সেয়েহে কাৰো লগত মিত্ৰতা টিকি থাকিব নোৱাৰে।কংগ্ৰেছত লবি কেন্দ্ৰীক ৰাজনীতি চলিছে।’উপ নির্বাচনত তামুলপুৰত টিকট দিয়াৰ পাছত টকা নিদিয়াত মোক দম দিছে’।AICC ৰ সম্পাদক পৃথ্বীৰাজ সাথে টকাৰ দাবী কৰিছিল।বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হোৱাৰ যোগ্য নহয়।বিৰোধী দলপতিয়ে ৫ কেজিতকৈ এক পাল্লাক বেছি বুলি কয়।

Leave A Reply