Breaking

চতিয়া কেন্দ্ৰত এশ শতাংশ উত্তীৰ্ণৰে পুনৰ ফলাফলৰ শীৰ্ষত ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ

0 84

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতিয়া কেন্দ্ৰৰ তিনিখন বিদ্যালয় ক্ৰমে ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ, উত্তৰ চতিয়া হাইস্কুল আৰু মেৰীগল্ড হাইস্কুলে এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

কেন্দ্ৰটোৰ ভাস্কৰ জ্যোতি আদৰ্শ বিদ্যাপীঠে পুৰ্বৰ এশ শতাংশ উতীৰ্ণৰ ধাৰা অব্যাহত ৰাখি ৰিজাল্টৰ ক্ষেত্ৰত সামগ্ৰীক ভাবে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ বিদ্যালয় খনৰ অৱতীৰ্ণ হোৱা ৪৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ ১৩ জনে ডিষ্ট্ৰিংচন, ৫ জনে ষ্টাৰ, ২০ জনে লেটাৰ সহ প্ৰথম বিভাগ আৰু ৬ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ মেৰীগল্ড হাইস্কুলৰ পৰা অৱতীৰ্ণ হোৱা ১৭ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৫ জনে ষ্টাৰ, দুজনে প্ৰথম বিভাগ, ৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷

উত্তৰ চতিয়া হাইস্কুলৰ পৰা অৱতীৰ্ণ হোৱা ৩৩ জন ছাত্ৰ ছাত্ৰীৰ ৫ জনে প্ৰথম বিভাগ, ২৬ জনে দ্বিতীয় বিভাগ আৰু ২ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ চতিয়া একাদেমীৰ পৰা অৱতীৰ্ণ হোৱা ৮২ জন ছাত্ৰ ছাত্ৰীৰ ৩ জনে প্ৰথম বিভাগ, ২৭ জনে দ্বিতীয় বিভাগ, ২৪ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ অনুত্তীৰ্ণহয় ২৮ জন৷ জ্ঞান বিকাশ একাডেমীৰ পৰা অৱতীৰ্ণ হোৱা ৮২ জন ছাত্ৰ ছাত্ৰীৰ দুজনে ডিষ্ট্ৰিংচন, 1 জনে ষ্টাৰ, ১২ জনে প্ৰথম বিভাগ, ৩৮ জনে দ্বিতীয় বিভাগ, ১৮ জনে তৃতীয় বিভাগ লাভ কৰে৷

অনুতীৰ্ণ হয় ১১ জন ৷ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ১২২ জন ছাত্ৰ ছাত্ৰীৰ ৫ জনে ষ্টাৰ, ২৭ জনে প্ৰথম বিভাগ, ৬৬ জনে দ্বিতীয় বিভাগ, ২১ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ অনুতীৰ্ণ হয় ৮ জন ৷নদুৱাৰ হাই মাদ্ৰাছাৰ পৰা অৱতীৰ্ন হোৱা ২৪ জনৰ ভিতৰত ১২ জন উত্তীৰ্ণ হৈছে৷ নিজ চতিয়া হাইস্কুলৰ ১২ জন ছাত্ৰ ছাত্ৰীৰ এজন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ পূৱ চতিয়া হাইস্কুলৰ ৮২ জন ছাত্ৰ ছাত্ৰীৰ ৪ জনে ষ্টাৰ, ১৩ জনে প্ৰথম বিভাগ, ২৭ জনে দ্বিতীয় বিভাগ, ১৯ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ অনুত্তীৰ্ণৰ সংখ্যা ১৯ জন৷ চতিয়া কেন্দ্ৰৰ উত্তীৰ্ণৰ হাৰ ৮১.৮৩%৷

কেন্দ্ৰটোৰ পৰা জ্ঞান বিকাশ একাডেমীৰ ছাত্ৰ মানস শইকীয়াই ৯৬.১৬% নম্বৰৰে শীৰ্ষস্থান লাভ কৰিছে৷ সিপৰীয়া কেন্দ্ৰৰ ফলাফলৰ হাৰ ৪৫% ৷ কেন্দ্ৰটোৰ পাৰিজাত বিদ্যাপীঠৰ পৰা ১০০% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে৷ বিদ্যালয় খনৰ পৰা অৱতীৰ্ণ হোৱা ২৩ গৰাকী ছাত্ৰ ছাত্ৰীৰ ২ জনে ডিষ্ট্ৰিংচন, ৭ জনে ষ্টাৰ ৯ জনে প্ৰথম বিভাগ, ৫ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷

নাগ শংকৰ কেন্দ্ৰৰ উতীৰ্ণৰ হাৰ ৭১.৯১% ৷ কেন্দ্ৰটোৰ পৰা এজনে ডিষ্ট্ৰিংচন, ৩১ জনে প্ৰথম বিভাগ, ১০৯ জনে দ্বিতীয় বিভাগ আৰু ৯৩ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷চতিয়াত সদ্যঘোষিত ফলাফলত পুনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ল ৷

Leave A Reply